ভাল খবৰ! অচিৰেই পিপিই কিটৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব স্বাস্থ্যকৰ্মীয়ে, বিশেষ পিপিই কিট উদ্ভাৱন

নিউজ ডেস্ক। ক’ভিড ৰোগীৰ চিকিৎসাৰ লগত জড়িত সকলো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে পি পি ই কীট পৰিধান কৰাটো বাধ্যতামূলক। কিন্তু পি পি ই কীট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাটোহে কষ্টকৰ।

কিয়নো পি পি ই কীট পৰিধান কৰাৰ পিছত এজন লোকৰ শৰীৰত বৃদ্ধি পায় উশাহ লোৱাত কষ্ট হােৱাৰ সমস্যা। ঘামত তিতি যায় তেওঁৰ সমস্ত শৰীৰ।

কিন্তু এতিয়াৰ পৰা আৰু সেই যন্ত্ৰণাত ভুগিব নালাগে চিকিৎসা কৰ্মী সকলে। কিয়নো সেই যন্ত্ৰণাৰ পৰা ৰক্ষা দিবলৈ এজন যুৱকে উদ্ভাৱন কৰিলে এক বিশেষ যন্ত্ৰ। যিটো যন্ত্ৰ ব্যৱহাৰেৰে পি পি ই কীট পৰিধানৰ পিছতো শীতল কৰি ৰাখিব শৰীৰ।

মহাৰাষ্ট্ৰৰ পুনেৰ নিহাল সিং আদৰ্শ নামৰ এজন ইঞ্জিনিয়াৰিংৰ ছাত্ৰই উদ্ভাৱন কৰিলে সেই যন্ত্ৰ। তেওঁ আৰু তেওঁৰ ষ্টাৰ্ট আপ উদ্যোগ ‘ৱাট টেকনভেচনে’ উদ্ভাৱন কৰিলে সেই প্ৰযুক্তি। তেওঁলোকে সেই যন্ত্ৰৰ নাম দিছে ‘কভটেক ভেণ্টিলেচন চিষ্টেম’।

যন্ত্ৰটোত আছে বেটাৰী চালিত এখন ক্ষুদ্ৰ পাংখা। পি পি ই কীটৰ পিছফালে ক্ষুদ্ৰ ফুটা কৰি সেই ক্ষুদ্ৰ যন্ত্ৰটো সংলগ্ন কৰাৰ পিছতেই ১০০ ছেকেণ্ডৰ ভিতৰত সমস্ত শৰীৰ শীতল হৈ পৰিব।

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কয় যে, ই এক সুলভ ভেণ্টিলেচন চিষ্টেম যন্ত্ৰ। যিয়ে চিকিৎসা কৰ্মীক ঘমাৰ পৰা সহায় কৰিব। চিকিৎসা বিশেষজ্ঞৰ উপদেশ অনুসৰি ইয়াক ব্যৱহাৰৰ উপযোগী হিচাপে চূড়ান্ত কৰা হ’ল।

উদ্ভাৱক ছাত্ৰ নিহাল সিং আদৰ্শই কয়, “মোৰ মা এগৰাকী চিকিৎসক। যোৱা বৰ্ষৰ কভিড পৰিস্থিতিত চিকিৎসা কৰ্মী সকলে যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলি জনাইছিল। মই মাক সুধিছিলো যে তুমি কিবা অসুবিধা পাইছা নেকি? মায়ে পি পি কীট পিন্ধাৰ পিছত ঘামি কষ্ট পোৱা বুলি কৈছিল।

বিশেষ পিপিই কিটৰ নমুনা

তেতিয়া মই সেইদিনাই এই চিন্তা কৰিলো। আৰু চিন্তাটো কৰি মোৰ জ্যেষ্ঠ এজনক কলো। তেওঁ সন্মতি দিয়াত ইয়াক নিৰ্মাণ কৰিলো। বৰ্তমান ইয়াৰ দাম ৫৫০০ নিৰ্ধাৰণ কৰা হৈছে। পৰীক্ষণৰ বাবে বহুতো চিকিৎসালয়লৈ প্ৰেৰণ কৰিছো। ৰেহাই মূল্যতো ইয়াক দি থকা হৈছে।”

Leave a Comment