ভাল খবৰ! এছিয়ান বক্সিঙত স্বৰ্ণ পদক জয় লাভলীনা বৰগােঁহাইৰ

ভাল খবৰ! এছিয়ান বক্সিঙত স্বৰ্ণ পদক জয় লাভলীনা বৰগােঁহাইৰ

November 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক জয়েৰে পুনৰ দেশৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰিলে অসমৰ জীয়ৰী লাভলীনা বৰগােঁহাইয়ে।

উজবেকিস্তানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বপত লাভলীনা বৰগোহাঁইৰ স্বৰ্ণপদক জয়।

৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক জয় লাভলীনাৰ।

ফাইনেলত লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা ছোখিবাক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

স্বৰ্ণ পদক জয়ৰ খবৰে ৰাজ্যবাসীৰ মাজত আনন্দৰ বন্যা বােৱাইছে।

সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্নজনে লাভলীনাক অভিনন্দ জনাইছে।