ভাল খবৰ! কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেন্টলৈ পদোন্নতি অসম চৰকাৰৰ

নিউজ ডেস্ক। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হােৱা কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়েৰে ইতিহাস ৰচিলে অসমৰ জীয়ৰী নয়নমণি শইকীয়াই।

গোলাঘাটৰ এখন পিছপৰা অখ্যাত অঞ্চলৰ পৰা গৈ নয়নমণিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে সাফল্যৰে অসমৰ লগতে গৌৰৱান্বিত কৰিলে সমগ্ৰ দেশবাসীক।

প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত মহিলা ল’ন বলত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলা দলে।

উল্লেখ্য যে কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপেও পৰিগণিত হৈছে নয়নমণি শইকীয়া।

ইপিনে, বন সুৰক্ষা বাহিনীত কনিষ্টবল হিচাপে কৰ্মৰত নয়ণমনি শইকীয়াৰ এই স্বৰ্ণজয়ৰ সন্মান স্বৰূপে পদোন্নতি দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

স্বৰ্ণ জয়ী ক্ৰীড়াবিদগৰাকীক তাৎক্ষণিকভাৱে বন বিভাগৰ সহকাৰী কমাণ্ডেন্ট হিচাপে পদোন্নতি প্ৰদানৰ ঘােষণা কৰিছে অসম চৰকাৰে।

উল্লেখ্য যে, এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নয়নমণিৰ ক্ৰীড়াৰ প্ৰতি ৰাপ আছিল শৈশৱৰ পৰাই।

তেওঁ প্ৰথমে ২০০৮ চনত এগৰাকী ভাৰত্তোলক হিচাপে নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰে।

কিন্তু ভৰিৰ আঘাতৰ বাবে তেওঁ পৰৱৰ্তী সময়ত ভাৰত্তোলন এৰি ল’ন বল খেলিবলৈ আৰম্ভ কৰে। আৰু পিছত তেওঁ এই খেলৰ জৰিয়তেই ৰাষ্ট্ৰীয় দলৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে।

খেলৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকাৰ সময়তে ২০১১ চনত বন সংৰক্ষণ বাহিনীৰ কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল নয়নমণি শইকীয়াই।

1 thought on “ভাল খবৰ! কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেন্টলৈ পদোন্নতি অসম চৰকাৰৰ”

Comments are closed.