ভাল খবৰ! টকিঅ’ অলিম্পিকত পদক জয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ

নিউজ ডেস্ক। ভাৰােত্তােলনত মীৰাবাঈ চানুৰ পাছত এইবাৰ টকিঅ’ অলিম্পিকত দেশৰ বাবে আন এটা পদক আজুৰি আনিলে ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে।

মহিলাৰ বেডমিন্টনৰ ছিংগলছত তৃতীয় স্থান দখলৰ বাবে দেওবাৰে অনুষ্ঠিত খেলখনত চীনৰ প্ৰতিদ্বন্দ্বী হে বিনজিয়াওক পৰাস্ত কৰিলে সিন্ধুৱে।

খেলত ২১-১৩ আৰু ২১-১৫ ব্যাৱধানত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় পি ভি সিন্ধু।

পি ভি সিন্ধুৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে সম্পূৰ্ণ একপক্ষীয় হৈ পৰে এই খেলখন।

শ্বাটলাৰ পি ভি সিন্ধুৱে চীনা খেলুৱৈ গৰাকীক খেলখনত আগবাঢ়িবলৈ কোনোধৰণৰ সুযোগে নিদিলে।

উল্লেখ্য যে পি ভি সিন্ধুৰ দুটাকৈ অলিম্পিকত পদক লাভ কৰি এক অভিলেখ গঢ়িলে।

ইয়াৰ পূৰ্বে ২০১৬ ৰিঅ’ অলিম্পিকত পি ভি সিন্ধুৱে ৰূপৰ পদক দখল কৰিছিল।

এই সফলতাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Comment