ভাল খবৰ! দেশত একক পালিৰ ক’ভিড–১৯ ভেকচিনত অনুমোদন, অচিৰেই হ’ব উপলব্ধ

নিউজ ডেস্ক। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশত সংযোজিত হ’ল আৰু এটি প্ৰতিষেধক। যিটো প্ৰতিষেধকৰ এপালি (Single Dose) গ্ৰহণ কৰিলে ক’ভিড-১৯ৰ বিৰুদ্ধে দেহত গঢ়ি উঠিব প্ৰতিৰক্ষা।

সেইয়া হ’ল ‘জনছন এণ্ড জনছন’ৰ জনচীন ভেকচিন।

ভাৰতত জৰুৰীভাৱে এই প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি বিচাৰিছিল ‘জনছন এণ্ড জনছন’ কোম্পানীয়ে।

মাৰ্কিন এই ঔষধ নিৰ্মাণকাৰী সংস্থাই এক বিবৃতি জাৰি কৰি কয় যে, “যোৱা ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমতি বিচৰা হৈছিল। জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে এই অনুমতি বিচৰা হৈছিল।”

উল্লেখ্য যে দেশত বৰ্তমান কভিশিল্ড, কভেক্সিন, স্পুটনিক ভি, ফাইজাৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছিল। যিকেইটাৰ দ্বাৰা দেশত টিকাকৰণ প্ৰক্ৰিয়া চলাই থকা হৈছে।

ইয়াৰ পিছতেই ‘জনছন এণ্ড জনছন’ৰ জনচীন ভেকচিন উল্লেখনীয় হিচাপে বিবেচিত হৈছে।

‘জনছন এণ্ড জনছনে’ দাবী কৰে যে এই প্ৰতিষেধকৰ ক্লিনিকেল পৰীক্ষাৰ সময়ত ৮৫% কাৰ্যকাৰিতা দেখা পোৱা গৈছিল। এই প্ৰতিষেধক ব্যৱহাৰ কৰাৰ পিছতো যদি কোনোবা কোৰোনা আক্ৰান্ত হয়, তেন্তে তেওঁৰ চিকিৎসালয়ত ভৰ্তি কৰা বা মৃত্যুৰ সম্ভাৱনা যথেষ্ট কম। বিশেষজ্ঞ সকলে অনুমান কৰিছে যে দেশত টিকাকৰণৰ গতি বৃদ্ধি কৰাত এই প্ৰতিষেধকে গুৰুত্বপূৰ্ণ ভূমিকা লব।

বৰ্তমানলৈকে ভাৰতত জৰুৰী ভিত্তিত প্ৰয়োগৰ বাবে কভিশিল্ড, কভেক্সিন, স্পুটনিক ভি, মডেৰনা প্রতিষেধকক অনুমতি প্ৰদান কৰা হৈছিল। এতিয়া ‘জনছন এণ্ড জনছন’ৰ প্ৰতিষেধকৰ অনুমতি প্ৰদানে ভাৰতত মুঠ প্ৰতিষেধকৰ সংখ্যা বৃদ্ধি কৰিলে পাঁচলৈ।

এইটোও উল্লেখনীয় যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি অহা ৩১ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।

সেই লক্ষ্য পূৰ্ণ কৰিবলৈ হলে টিকাকৰণ প্ৰক্ৰিয়া আৰু অধিক গতিত বৃদ্ধি কৰিব লাগিব।

ইয়াৰ বাবে প্ৰতিষেধকৰ যোগান বৃদ্ধি কৰিব লাগিব। সেয়েহে ‘জনছন এণ্ড জনছন’ৰ এই এপালি যুক্ত প্ৰতিষেধকে গুৰুত্বপূৰ্ণ ভূমিকা লব বুলি ধাৰণা কৰা হৈছে। ‘জনছন এণ্ড জনছন’ কৰ্তৃপক্ষইয়ো ভাৰত চৰকাৰৰ লগত আলোচনা কৰি ইয়াক ক্ষীপ্ৰতৰ কৰাৰ কথা প্ৰকাশ কৰিছে।

Leave a Comment