ভাল খবৰ! প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা

ভাল খবৰ! প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা

April 3, 2022 0 By NEWS DESK

বিহুৰ সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ।

এইবাৰ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ’ব গুৱাহাটীত।

অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

কবি নীলমণি ফুকনক অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হ’ব এই বঁটা। 

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব জ্ঞানপীঠ কমিটীৰ সকলো সদস্য।

এই অনুষ্ঠানত বঁটা প্ৰাপক ফুকনে তেওঁৰ কবিতা ‘হংসধ্বনি শুনিছো’ পাঠ কৰাৰ কথা।

পূৰ্বতে মামণি ৰয়ছম গোস্বামী আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দুয়োগৰাকীয়ে দিল্লীত এই বঁটা গ্ৰহণ কৰিছিল।