ভাল খবৰ! বাৰ্মিংহামত ২০০ মিটাৰ দৌৰত দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ

নিউজ ডেস্ক। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত দুৰ্দান্ত প্ৰদৰ্শন ধিং এক্সপ্ৰেছ হিমা দাসৰ।

বৃহস্পতিবাৰে অনুষ্ঠিত ২০০ মিটাৰৰ দৌৰত শীৰ্ষ স্থানত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে।

হিমাই এই ২੦੦ মিটাৰৰ দৌৰ ২৩.৪২ ছেকেণ্ডত সম্পূৰ্ণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

ধিং এক্সপ্ৰেছ হিমা দাসৰ পৰা অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে আশা কৰিছে স্বৰ্ণ পদক।

ইতিমধ্যে, ল’নবলত অসমৰ নয়নমণিয়ে স্বৰ্ণ পদক লাভ কৰা খবৰে ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে।

তেনে সময়তে হিমাৰ পদক জয়ে ৰাজ্যবাসীলৈ আন এক সুখৰ বতৰা কঢ়িয়াই অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।