ভাল খবৰ! যুৱ নাট্যশিল্পী কিচমত বানোলৈ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা

নিউজ ডেস্কঃ ভাৰতীয় থিয়েটাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম কন্যা কিচমত বানোলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা।

যোৱা ২৫ নৱেম্বৰত ঘোষণা কৰা এই মৰ্যাদাসম্পন্ন ৰাষ্ট্ৰীয় বঁটা ২০২০ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে কিচমত বানোক।

উল্লেখ্য যে, কিচমত বানোৱে গুৱাহাটীৰ আগশাৰীৰ নাট্যগোষ্ঠী ছিগাল থিয়েটাৰত অভিনয় দিশত তিনি বছৰীয়া প্রশিক্ষণ গ্রহণ কৰিছিল।

ইয়াৰ পিছতে তেওঁ নিয়মীয়া থিয়েটাৰ অনুশীলন আৰম্ভ কৰাৰ লগতে বিশেষভাবে সক্ষম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সন্ত্ৰাস জৰ্জৰিত শিশু আৰু যুৱ প্ৰজন্মৰ বাবে থিয়েটাৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে উইংছ নামেৰে এক থিয়েটাৰ গোষ্ঠী প্রতিষ্ঠা কৰে।

কিচমত বানোৱে অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰি ইতিমধ্যে যথেষ্ট সমাদৃত হৈছে।

তেওঁৰ দ্বাৰা ৰচিত আৰু পৰিচালিত হেলেন, বানো, সপোন, পোহৰ আদি নাটে আৰু তেওঁ কৰা অভিনয়ে ইতিমধ্যে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে।

তেওঁৰ কৰ্মৰাজীৰ বাবেই ২০১৭ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু এনইজেডচিচিৰ পৰা থিয়েটাৰ ক্ষেত্ৰত যুৱ প্ৰতিভাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় কিচমত বানোৱে।

২০১৯ চনত তেওঁ থিয়েটাৰ ক্ষেত্ৰৰ ৰাবে লাভ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেল’শ্বিপ।

তেওঁ ইউনেস্ক’ৰ দ্বাৰা আয়োজিত দ্বিতীয় ঢাকা আন্তর্জাতিক থিয়েটাৰ মহোৎসৱ, কলকাতাৰ নান্দিকাৰ থিয়েটাৰ ফেষ্টিভেল, মুম্বাইৰ কালাঘোঁৰা আৰ্ট ফেষ্টিভেল আৰু দেশৰ বিভিন্ন থিয়েটাৰ ফেষ্টিভেলত নাট্য প্রযোজনা মঞ্চায়ন কৰিবলৈ আমন্ত্ৰিত হৈছে।