ভাল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জন নগাঁৱৰ তিস্তা কলিতাৰ…

ভাল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জন নগাঁৱৰ তিস্তা কলিতাৰ…

December 11, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ল অসমৰ আন এগৰাকী ছাত্ৰীয়ে।

বাংগালুৰুত অনুষ্ঠিত ৫ম সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেণ্টচ এণ্ড টিচাৰ্চ আৰ্ট, ২০২২ত সোণৰ পদক অৰ্জন কৰি নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ আমোলাপট্টিৰ তিস্তা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ললিত কলা চেণ্টাৰ ফৰ ভিজুৱেল আৰ্টৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তামিলনাডু, অসম, ত্ৰিপুৰা, মণিপুৰ, নতুন দিল্লী আদিৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে।

এই প্ৰতিযোগিতাৰে ষ্টুডেণ্টচ্ এণ্ড টিচাৰ্চ আৰ্ট ২০২২ত অংশগ্ৰহণ কৰি নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰী তিস্তাই যোৱা ৭ ডিচেম্বৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

আমোলাপট্টিৰ বিপুল কলিতা আৰু নিলক্ষী কলিতাৰ কন্যা তিস্তাৰ এই সফলতাই এতিয়া আনন্দিত কৰিছে সমগ্ৰ নগাঁওবাসীক।