ভাল মুছলমান লোকৰ বাবে বাচি আছে অসম, আল-কায়দা-এবিটি সন্ত্ৰাসবাদী ৰোধ কৰিব পৰা গৈছেঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ভাল মুছলমান লোকৰ বাবে বাচি আছে অসম, আল-কায়দা-এবিটি সন্ত্ৰাসবাদী ৰোধ কৰিব পৰা গৈছেঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

September 4, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ৰাজ্যত মাদ্ৰাছা উচ্ছেদ আৰু জেহাদীৰ সক্ৰিয়তা সন্দৰ্ভত দেওবাৰে ডিজিপিৰ মুখ্য কাৰ্যালয়ত কেইবাটাও ইছলামিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। এই বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি বৈঠকত লোৱা সিদ্ধান্ত আৰু আলোচনা সন্দৰ্ভত জানিবলৈ দিয়ে ডিজিপি মহন্তই।

অসমত ভাল মুছলমানৰ বাবেই আল-কায়দা, এবিটি আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনক প্ৰতিৰোধ কৰাত অসম আৰক্ষী সফল হৈছে বুলি মন্তব্য কৰে সংবাদ মেলত অসমীয়া মুছলমানক ধন্যবাদ জনায় ডিজিপি ভাস্কৰজ্যোতি মহন্তই। লগতে ইছলামিক সংগঠন সমূহে কেতবোৰ নীতি-নিৰ্দেশনা পালন কৰি চলাটো প্ৰয়োজন বুলি মন্তব্য কৰে মহন্তই।

যিসকলে ইছলামিক সংগঠনে মাদ্ৰাছা চলাই আহিছে, তেওঁলোকক কেতবোৰ দায়িত্ব পালন কৰিবলৈ বৈঠকত অনুৰোধ জনোৱা বুলিও জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

আনহাতে মাদ্ৰাছা সন্দৰ্ভত চৰকাৰে এটা পৰ্টেল প্ৰস্তুত কৰিব বুলি জানিবলৈ দি ডিজিপি মহন্তই কয় যে এই পৰ্টেলত মাদ্ৰাছা পৰিচালনা কৰা সংগঠনে মাদ্ৰাছাৰ সবিশেষ তথ্য দাখিল কৰিব লাগিব। মাদ্ৰাছাত কোন শিক্ষক হ’ব, শিক্ষকক দৰমহা ক’ৰ পৰা দিয়া হব, মাদ্ৰাছাৰ মাটিকালি কিমান আদি সৰু সৰু তথ্যও এই পৰ্টেলযোগে প্ৰকাশ কৰিব লাগিব সংগঠনসমূহে।

ব্যক্তিগত মাদ্ৰাছা চলাই থকা সংগঠনসমূহে কেৱল সমিতি গঠন কৰিলেই নহয়, বৰং তাৰ দায়িত্বও পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে ডিজিপি মহন্তই। আনহাতে সৰু সৰু মাদ্ৰাছাসমূহ ডাঙৰ মাদ্ৰাছাৰ সৈতে একত্ৰিত কৰিব পাৰি নেকি সেয়াও বৈঠকত আলোচনা কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

মাদ্ৰাছাত ধৰ্মীয় শিক্ষাৰ উপৰিও গণিত, ভূগোল, কম্পিউটাৰৰ দৰে সাধাৰণ শিক্ষা প্ৰদান কৰিব পাৰি নেকি সেই সন্দৰ্ভত আলোচনা হোৱা বুলি জনায় ডিজিপি মহন্তই।