ভাৰতৰ শ্বেয়াৰ বজাৰৰ ‘সম্ৰাট’ ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক দেহাৱসান

ভাৰতৰ শ্বেয়াৰ বজাৰৰ ‘সম্ৰাট’ ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক দেহাৱসান

August 14, 2022 Off By NEWS DESK

নিউজ ডেস্ক। শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ বুলি পৰিচিত ৰাকেশ ঝুনঝুনৱালাৰ ৬২ বছৰ বয়সত দেহাৱসান।

দেওবাৰে পুৱা ৬.৪৫ বজাত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু ঘটে।

ৰাকেশ ঝুনঝুনৱালা ভাৰতৰ ৱাৰেন বাফেট বুলিও জনাজাত আছিল।

শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ টকা উপাৰ্জন কৰা ব‍্যৱসায়ী জনে শেহতীয়াকৈ দেশৰ বিমান পৰিবহন খণ্ডত প্ৰৱেশ কৰিছিল।

তেওঁ নতুন এয়াৰলাইন কোম্পানী আকাশ এয়াৰত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছিল।

উল্লেখ‍্য যে আগষ্টৰ ৭ তাৰিখৰ পৰা পৰা এই সংস্থা টোৱে বানিজ‍্যিক বিমানৰ উৰণ আৰম্ভ কৰিছে।

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা ঝুনঝুনৱালা বৰ্তমান হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক যদিও এইটো আচৰিত হ’বলগীয়া যে ইমান সম্পদশালী এজন ব্যক্তিৰ ব‍্যৱসায়ীক যাত্ৰা মাত্ৰ ৫ হাজাৰ টকাৰে আৰম্ভ হৈছিল।

ৰাকেশ ঝুনঝুনৱালা আৰু তেওঁৰ পত্নী ৰেখাৰ আকাশ এয়াৰত সৰ্ববৃহৎ অংশ আছে। একেলগে, এই এয়াৰলাইন কোম্পানীৰ মুঠ অংশৰ ৪৫.৯৭ শতাংশ তেওঁৰ দখলত।

ভাৰতৰ ৱাৰেন বাফেট বুলি ৰাকেশ ঝুনঝুনৱালাৰ উপাৰ্জনৰ মুখ্য উৎস হৈছে শ্বেয়াৰ বজাৰ।

মাত্ৰ ৫ হাজাৰ টকাৰে আৰম্ভ হোৱা যাত্ৰাৰ শেষত তেওঁৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় ৪০ হাজাৰ কোটি। এই সফলতাৰ বাবেই ঝুনঝুনৱালাক ভাৰতীয় শ্বেয়াৰ বজাৰৰ বিগ বুল (Big Bull) আৰু ভাৰতৰ ৱাৰেন বাফেট বুলি কোৱা হয়।

শ্বেয়াৰ বজাৰৰ মন্দাৱস্থাৰ সময়ত সাধাৰণ বিনিয়োগকাৰীসকলে শ্বেয়াৰ বজাৰত ধন হেৰুৱায়, ঝুনঝুনৱালাই সেই সময়তো সফলতাৰে উপাৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে।