ভাৰতৰ সীমাত প্ৰৱেশ কৰা বাংলাদেশী কিশােৰক উপহাৰ দি স্বদেশলৈ ঘূৰাই পঠিয়ালে বি এছ এফে

নিউজ ডেস্ক। মানৱতাৰ নিদৰ্শন সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ-ৰ।

মংগলবাৰে ভাৰতত আৱদ্ধ কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কিশোৰক আইনী ব্যৱস্থাৰ পৰিৱৰ্তে সসন্মানে গতাই দিলে বাংলাদেশ সীমা সুৰক্ষা বাহিনীক।

পৰস্পৰ সহযোগিতা আৰু দুয়ো ৰাষ্ট্ৰৰ সীমান্তৰ জনসাধাৰণৰ ওপৰত সঠিক গুৰুত্ব প্ৰদানৰ চিন হিচাপে এই পদক্ষেপ গ্ৰহণ কৰে বি এছ এফে।

বি এছ এফে জনোৱা অনুসৰি, বাংলাদেশৰ ১২ বছৰীয়া কিশোৰজন আৱদ্ধ হৈ আছিল মেঘালয়ত।

কিশোৰজনৰ নাম হাচানুল জামাল অভিক।

ভাৰত-বাংলাদেশৰ সীমান্ত অঞ্চলৰ ডাউকী স্থিত বি এছ এফৰ এক দলে তামাবিলস্থিত বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীক এক ফ্লেগ মিটিং জৰিয়তে কিশোৰজনক গতাই দিয়ে।

তথ্য অনুসৰি, কিশোৰজনৰ ঘৰ বাংলাদেশৰ ঢাকা জিলাৰ সাভাৰ অঞ্চলত।

যোৱা ৬ জুনত ডাউকীৰ গাঁৱত ঘূৰি ফুৰা অৱস্থাত কিশোৰজনক স্থানীয় লোকে ধৰি চমজাই দিয়ে ডাউকী আৰক্ষীক।

ইয়াৰ পাছতে ৭ জুনত তেওঁক আৰক্ষীয়ে গতাই দিয়ে বি এছ এফক।

Leave a Comment