ভাৰত জােড়াে যাত্ৰাৰ সময়তে ৰাহুল গান্ধীক ৰঙা গােলাপ উপহাৰ বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ…

ভাৰত জােড়াে যাত্ৰাৰ সময়তে ৰাহুল গান্ধীক ৰঙা গােলাপ উপহাৰ বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ…

December 2, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ভাৰত জোড়োৰ যাত্ৰাৰ সময়তে বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰীৰ পৰা ৰঙা গোলাপ উপহাৰ হিচাপে লাভ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়য়ে।

ভাৰত জোড়ো যাত্ৰাৰ ৮৩ সংখ্যক দিনটোত ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে বলিউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰে।

বৰ্তমান মধ্যপ্ৰদেশৰ উজ্জীয়নত উপস্থিত হোৱা এই যাত্ৰাত অংশ লৈ ৰাহুল গান্ধীক ৰঙা গোলাপৰ থোপা উপহাৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ইতিমধ্যে দেশবাসীৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান মধ্যপ্ৰদেশৰ উজ্জীয়ন হোৱা ৰাহুল গান্ধীৰ যাত্ৰাত চামিল হ’বলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ নাগৰিক।

বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ধ্ৰুৱীকৰণ, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ আৰম্ভ হৈছিল এই বিশাল পদযাত্ৰাৰ।

ৰাহুল গান্ধীৰ এই যাত্ৰাত ইতিমধ্যে অংশ লৈছে বলিউডৰ অভিনেত্ৰী, প্ৰযোজক পূজা ভাট, আমোল পালেকাৰ আদিৰ দৰে তাৰকাই।

তাৰ পিছতে বৃহস্পতিবাৰৰ দিনটোত ৰাহুল গান্ধীৰ কাষত দেখা গ’ল স্বাৰা ভাস্কৰক।

স্বাৰা ভাস্কৰে টুইটাৰত কেইবাখনো ফটো শ্বেয়াৰ কৰি সকলোকে এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।