ভুলতে বেংক একাউন্টত সোমাল ৫.৫ লাখ টকা, প্ৰধানমন্ত্ৰীয়ে দিয়া বুলি ভাবি কৰিলে খৰচ…

নিউজ ডেস্ক। যেতিয়া অনাকাংক্ষিতভাৱে ধন লাভ কৰা হয় তেতিয়া নিশ্চয় সকলোৰে মনত আনন্দ অনুভৱ হয়।

মাহৰ মূৰত যেতিয়া কোনোৱে দৰমহাৰ ধন লাভ কৰে তেতিয়াও নিশ্চয় মনত কিছু আনন্দ অনুভৱ হয়।

কিন্তু যেতিয়া বিনা কষ্টৰে ধন লাভ কৰা হয় তাৰ আনন্দ নিশ্চয়কৈ সুকীয়া হৈ পৰে। পিছে এইবাৰ তেনেদৰে ধন লাভ কৰি ঘটিল এক আচৰিত ঘটনা।

ভুলতে এজন ব্যক্তিৰ বেংক একাউণ্টত সোমালে ৫ লক্ষাধিক টকা। ধন লাভ কৰি উৎফুল্লিত হৈ পৰিল তেওঁ।

ইয়াৰ পিছত তেওঁ একাউণ্টৰ পৰা টকাখিনি উলিয়াই আনে আৰু খৰচ কৰিবলৈ আৰম্ভ কৰে।। কিন্তু পিছত বেংক কৰ্তৃপক্ষই তেওঁৰ পৰা ধন ঘূৰাই বিচৰাত ধন ঘূৰাই নিদিয়ে তেওঁ।

তেওঁৰ মতে সেই ধন তেওঁক দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গতিকে তেওঁ নিজৰ মতত অটল। কোনো কাৰণত তেওঁ ঘূৰাই নিদিয়ে লাভ কৰা ধন। এই আচৰিত ঘটনাটো সংঘটিত হৈছে বিহাৰৰ খাগৰীয়া জিলাত।

খবৰ অনুসৰি, বেংকৰ ভুলৰ বাবে ৰঞ্জিত দাস নামৰ এজন লোকে তেওঁৰ একাউণ্টত ৫.৫ লাখ টকা লাভ কৰিছিল।

যেতিয়া বেংক কৰ্তৃপক্ষই এই ভুলটো জানিব পাৰিছিল, তেতিয়া তেওঁলোকে ৰঞ্জিত দাসৰ ওচৰলৈ গৈছিল আৰু টকাখিনি ঘূৰাই দিবলৈ দাবী কৰিছিল। কিন্তু ৰঞ্জিতে টকা ঘূৰাই দিয়া নাছিল। ৰঞ্জিতে কৈছিল যে টকাখিনি তেওঁক প্ৰধানমন্ত্ৰী মোদীয়ে একাউণ্টত জমা কৰি দিছে।

বেংকৰ পৰা ধন ঘূৰাই দিয়া সন্দৰ্ভত ৰঞ্জিত দাসলৈ কেইবাখনো জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু তেওঁ ধন ঘূৰাই দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।

অৱশেষত বেংকৰ কৰ্তৃপক্ষই ৰঞ্জিত দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে ৰঞ্জিতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Leave a Comment