
ভূত-প্ৰেতৰ কাৰণে নে আন কিবা কাৰণত মৃত্যু ঘটিল ৩ শ্ৰমিকৰ? ৰহস্যৰ আৱৰ্তত বাইহাটা কাণ্ড
January 24, 2022ভূত-প্ৰেত নে আন কিবা! ৰঙিয়াত একে নিশাই তিনি শ্ৰমিকৰ আকস্মিক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ।
নিৰ্জন পথাৰৰ মাজত তম্বু তৰি থকা জলসঞ্চন বিভাগৰ নলা নিৰ্মান কাৰ্যত নিয়োজিত তিনি শ্ৰমিকৰ নিশা আহাৰ গ্ৰহণ কৰাৰ পিছতে আকস্মিক মৃত্যু ঘটে।
আন এজন শ্ৰমিকৰোঁ অৱস্থা সংকটজনক। বর্তমান হাস্পতালৰ আই টি ইউত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ বৰপলহাত জলসিঞ্চন বিভাগৰ নলা নিৰ্মাণ কাৰ্যত কৰ্মৰত ৪ শ্ৰমিক ক্ৰমে- ৰঙিয়া তাৰাকুছিৰ বাবুল হুছেইন, ৰঙিয়া ভালুকমাৰীৰ মোজাফৰ হুছেইন, ধুহিবালাৰ ৰাতুল আলী আৰু চফিকুল ইছলামে পথাৰৰ মাজত তম্বু তৰি ৰাতিটো তাতেই আছিল।

নিশা তেওঁলোকে তাতেই ভাত ৰান্ধে। কিন্তু সেই ভাত খোৱাৰ পিছতে বাবুল, মোজাফৰ আৰু ৰাতুলে তেজ বমি কৰি ঢলি পৰে।
তাকে দেখি আতংকিত হৈ চফিকুল ইছলামে ঠিকাদাৰলৈ ভিডিঅ’ কলিং কৰি ঘটনা অৱগত কৰি থাকোতেই অচেতন হৈ ঢলি পৰে চফিকুলও।
পিছত ঘটনাস্থলীত তেওঁলোকৰ মিস্ত্ৰী, ঠিকাদাৰ উপস্থিত হৈ অচেতন হৈ পৰি থকা শ্ৰমিক কেইজনক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়। কিন্তু হাস্পতালত চফিকুলৰ বাহিৰে আন তিনিজনক মৃত ঘোষণা কৰে চিকিৎসকে। আনহাতে চফিকুল বৰ্তমান সংকটজনক অৱস্থাত নাৰায়ণা হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, নিশা তিনি বন্ধু হঠাৎ ঢলি পৰাৰ পিছত চফিকুলে ঠিকাদাৰলৈ ভিডিঅ’ কলিং কৰি ভূতে লম্ভাৰ কথা উল্লেখ কৰিছিল।
আনহাতে যি স্থানত শ্ৰমিক কেইজনে নিশা তম্বু তৰি আছিল, সেই ঠাইখিনি এখন শ্মশানৰ মাজত বুলি সদৰী কৰিছে স্থানীয় লোকে। তেনে পৰিপ্ৰেক্ষিতত ৩ বন্ধুৰ মৃত্যু ভূত-প্ৰেত লম্ভাৰ বাবে হোৱা বুলি একাংশই সন্দেহ কৰিছে।
আনহাতে নিহত শ্ৰমিক কেইজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি, তেওঁলোকৰ লগত থকা টকাৰ বাবে খাদ্যত বিহ দি হত্যা কৰা হৈছে বাবুল, মোজাফৰ আৰু ৰাতুলক।
পৰিয়ালে প্ৰকাশ কৰা মতে শ্ৰমিক কেইজনে দেওবাৰে তেওঁলোকৰ মজুৰি লাভ কৰিছিল আৰু সোমবাৰে ঘৰলৈ অহাৰ কথা আছিল। শ্ৰমিক কেইজনৰ ওচৰত কমেও ৪০ হাজাৰ টকা থকা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। আৰু এই টকাৰ বাবেই তেওঁলোকক হত্যা কৰা হৈছে বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সকলো দিশ সামৰি তদন্ত আৰম্ভ কৰিছে যদিও তদন্তৰ সবিশেও এতিয়াও প্ৰকাশ কৰিব বিচৰা নাই।
তিনি শ্ৰমিকৰ ৰহস্যজনক মৃত্যুক লৈ ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
লগতে চাওকঃ
শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…
