ভেকচিনৰ হােম ডেলিভাৰী! টিকাকৰণৰ বাবে সুউচ্চ পাহাৰ আৰোহণ উপায়ুক্ত- চিকিৎসা কৰ্মীৰ

নিউজ ডেস্ক। যি সময়ত অসমত চৰকাৰে সুৰাৰ হােম ডেলিভাৰী কৰাৰ বাবে উঠি-পৰি লাগিছে, তেনে সময়তে অসমৰ প্ৰতিবেশী ৰাজ্যত ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ হােম ডেলিভাৰীৰ বাবে মনে-প্ৰাণে নামি পৰিছে চৰকাৰ-প্ৰশাসন যন্ত্ৰ।

জনসাধাৰণক কোৰোনাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে চৰকাৰে লৈছে ঘৰ-ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী। সেই অনুসৰি চহৰ, নগৰ আৰু গাঁও সকলোৰে জনতাক প্ৰদান কৰা হৈছে প্ৰতিষেধক।

দুৰ্গম পথ অতিক্ৰম কৰি ভিতৰুৱা অঞ্চলত গৈ স্বাস্থ্য কৰ্মীয়ে প্ৰতিষেধক প্ৰদানৰ খবৰ পোৱা গৈছে।

প্ৰতিষেধক প্ৰদানৰ বাবে আনকি সুউচ্চ পাহাৰ আৰােহণ কৰিছে জিলা উপায়ুক্ত-স্বাস্থ্য কৰ্মীৰসকলে।

কেৱল ১৬ জন লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ পাহাৰ বগাই বগাই প্ৰায় ৯ ঘণ্টা খোজকাঢ়ি গ’ল প্ৰশাসন আৰু স্বাস্থ্য কৰ্মী। এই ঘটনা অৰুণাচল প্ৰদেশৰ টাৱাংৰ।

অটল উৎসাহেৰে অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু জিলা বিষয়াসকলে তিব্বতৰ সীমান্তৰ ওচৰৰ টাৱাং জিলাৰ অন্যতম দূৰৱৰ্তী গাওঁ লুগুথাঙত সাগৰ পৃষ্ঠৰ পৰা ১৪,০০০ ফুট ওপৰত থকা ১৬ জন গৰখীয়া লোকক টিকাকৰণ কৰিবলৈ ন ঘণ্টাতকৈও অধিক সময় ট্ৰেকিং অৰ্থাৎ আৰোহণ কৰে।

জানিব পৰা মতে, টাৱাঙৰ উপায়ুক্ত চাং ফুন্টচোকে সোমবাৰে ১৬ জন গাওঁবাসীক টিকাকৰণ কৰা আঠজনীয়া দলটোৰ নেতৃত্ব দিছিল। কিয়নো তেওঁলোকক ১৯ মে’ত টাৱাঙৰ স্বাস্থ্য আৰু জিলা কৰ্তৃপক্ষই আয়োজিত চৰকাৰৰ কভিড টিকাকৰণ শিবিৰৰ পৰা বাদ দিয়া হৈছিল।

এই অভিযানটো পোহৰলৈ আহিছিল যেতিয়া অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই সন্দৰ্ভত টুইট কৰে যে, “দূৰৱৰ্তী অঞ্চলত কভিড প্ৰতিষেধক প্ৰদানৰ বাবে গৰখীয়া সম্প্ৰদায়ৰ লোকসকলৰ ওচৰলৈ যায় স্বাস্থ্য কৰ্মী তথা প্ৰশাসন।অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ উচ্চ পাহাৰীয়া অঞ্চলত বাস কৰা য়াক গৰখীয়াসকলৰ এটা সৰু সম্প্ৰদায়ক টিকাকৰণ কৰিবলৈ প্ৰথম শাৰীৰ কভিড যোদ্ধাসকলে এই সম্পূৰ্ণ শ্বাসৰুদ্ধকাৰী আৰোহণ কৰি ঘন্টাৰ পিছত ঘণ্টা ভ্ৰমণ কৰে।”

মুখ্যমন্ত্ৰীয়ে টাৱাঙৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লুগুথাঙৰ আটাইতকৈ দূৰৱৰ্তী গাঁৱৰ গন্তব্য স্থানত উপস্থিত হোৱা তথা টাৱাং উপায়ুক্তৰ নেতৃত্বত যোৱা মহিলাসহ সীমান্তৰ সৈনিকসকলৰ দৃশ্যও আপলোড কৰে।
এজন জিলা বিষয়াই কয় যে, “গৰখীয়া সকলে তেওঁলোকৰ পশুধনৰ সৈতে দূৰৱৰ্তী অঞ্চললৈ ওলাই যায়। গাওঁবাসীৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰাকে ধৰি বিভিন্ন প্ৰচেষ্টাৰ স্বত্বেও তেওঁলোক টিকাকৰণৰ বাবে অহা নাছিল। সেয়েহে ১৬ জন গৰখীয়াক টিকাকৰণ শিবিৰৰ পৰা বাদ দিয়া হৈছিল। কিন্তু উপায়ুক্ত চাং ফুন্টচোকে বাদ পৰা ১৬ জন গৰখীয়াক টিকাকৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছিল।”

বিষয়াজনে লগতে কয় যে, সেয়েহে জিলা পৰিষদৰ অধ্যক্ষ লেকি গোম্বুকে ধৰি উপায়ুক্ত, চিকিৎসক আৰু অন্যান্য বিষয়াসকলে দেওবাৰে পুৱা ৭:১৫ বজাত থিংবু হাইডেল গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু টাৱাং জিলাৰ নিউকটেং আৰু নাহচোট দুটা বিপদজনক শৃংগ অতিক্ৰম কৰাৰ পিছত আবেলি ৪:৩০ বজাত লুগুথাং পায়। আৰু তাৰ পিছদিনাই গাওঁবাসীক টিকাকৰণ কৰা হৈছিল।

উল্লেখ্য যে থিংবু হাইডেলৰ পৰা লুগুথাংলৈ কোনো মটৰ পৰিবহনৰ পথ নাই। যাৰফলত দলটোৱে খোজকাঢ়ি কঠোৰ অভিযান চলাবলৈ বাধ্য হৈছিল।

Leave a Comment