ভয়ংকৰ! ঐশ্বৰ্য-বিভূতিৰ আশাত ৰাজপথত লটাৰী বিক্ৰী কৰা দুগৰাকী মহিলাক নৰবলি দম্পতীৰ, টুকুৰা টুকুৰকৈ কাটি কৰিলে ভক্ষণ

ভয়ংকৰ! ঐশ্বৰ্য-বিভূতিৰ আশাত ৰাজপথত লটাৰী বিক্ৰী কৰা দুগৰাকী মহিলাক নৰবলি দম্পতীৰ, টুকুৰা টুকুৰকৈ কাটি কৰিলে ভক্ষণ

October 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আধুনিক যুগৰ আধুনিকতাৰ মাজতো কেৰালাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা।

ব্লেক মেজিকত অন্ধবিশ্বাসী এহাল দম্পতী আৰু এজন ব্যক্তিয়ে ঐশ্বৰ্য-বিভূতি লাভৰ বাবে বলি দিলে দুগৰাকীকৈ মহিলাক।

এই চাঞ্চল্যকৰ কাণ্ড আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাগৱল সিং, তেওঁৰ পত্নী লাইকা আৰু মহম্মদ শ্বফী নামৰ হত্যাকাৰী কেইজনক।

জানিব পৰা মতে, যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ পৰা সন্ধানহীন হৈ আছিল ক্ৰমে পদ্মা আৰু ৰ’জলীন নামৰ ৰাজপথত লটাৰী টিকট বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি মহিলা দুগৰাকী।

এই ঘটনাৰ তদন্তৰ সময়তে আৰক্ষীৰ হাতত লাগে কেতবোৰ বিস্ফোৰক তথ্য।

এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পাঠনামথিট্টাৰ এলানথুৰস্থিত ভাগৱল সিঙৰ ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে সন্ধানহীন হৈ থকা মহিলা দুগৰাকীৰ শৰীৰৰ অৱশিষ্ট।

ইয়াৰ পিছতে আৰক্ষীয়ে ভাগৱল সিং আৰু তেওঁৰ পত্নী লাইকাক গ্ৰেপ্তাৰ কৰাত দুয়োজনে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

ক’লা যাদুত বিশ্বাস কৰি দীৰ্ঘদিন ধৰি যুঁজি অহা আৰ্থিক সমস্যা দূৰ কৰাৰ বাবেই মহম্মদ শ্বফী নামৰ আন এজনৰ সৈতে মিলি মহিলা দুগৰাকীক নৰ বলি দিয়াৰ কথা স্বীকাৰ কৰে দম্পতীহালে।

কেৱল সেয়াই নহয়, মহিলা দুগৰাকীৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি সেই মাংস ভক্ষণ কৰাৰ কথাও স্বীকাৰ কৰে হত্যাকাৰীয়ে।

একবিংশ শতিকাৰ বিজ্ঞানৰ যুগতো এনেদৰে অন্ধ বিশ্বাসৰ বলি হৈ দুগৰাকীকৈ মহিলাক নৰ বলি দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।

আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও এই হত্যাকাণ্ডত শোক প্ৰকাশ কৰিছে।

তেওঁ কয় যে মানসিক ৰোগীয়েহে এনে অপৰাধ সংঘটিত কৰিব পাৰে। তেওঁ এক বিবৃতিত কয় যে এনে ক’লা যাদু আৰু ডাইনী প্ৰথাক সভ্য সমাজৰ বাবে এক প্ৰত্যাহ্বান হিচাপেহে চাব পাৰি।