ভয়ংকৰ! দলঙৰ ৰেলিঙত উঠিল তীব্ৰবেগী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

ভয়ংকৰ! দলঙৰ ৰেলিঙত উঠিল তীব্ৰবেগী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

June 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলঙৰ ৰেলিঙত খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকে। সৌভাগ্যক্ৰমে নৈত নপৰিল ট্ৰাকখন। অৱশ্যে ট্ৰাকখন উঠিল দলঙৰ ৰেলিঙত।

এই ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পােয়ামাৰা বাইপাছ।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কৰিমগঞ্জ বাইপাছৰ কাকৰা নদী ওপৰত থকা দলঙত সংঘটিত হয় এই দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দিয়ায় তীব্ৰবেগী ট্ৰাক এখনে।

সৌভাগ্যক্ৰমে এই ঘটনাত কােনাে লােক হতাহত হােৱা নাই। অৱশ্যে বিধ্বস্ত হৈ পৰে ট্ৰাকখনৰ সন্মুখৰ অংশ।

ৰেলিঙত খুন্দিয়াই ট্ৰাকখনৰ সন্মুখৰ দুখন চকা নৈত পৰে।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। বাতৰি যুগুতােৱা পৰলৈকে ট্ৰাকখন অনুৰূপ অৱস্থাতে আছে।

লগতে চাওকঃ

জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক