ভয়ংকৰ দুৰ্ঘটনা! দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত জাইল’ বাহন, থিতাতে নিহত ২, আহত ৬ যাত্ৰী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দলঙৰ ৰেলিঙত খুন্দিয়াই চৰ্ণ-বিচূৰ্ণ জাইল’ বাহন, থিতাতে নিহত ৪ জন লােক। গুৰুতৰভাৱে আহত আন ৪ জন যাত্ৰী।

এই ভয়ংকৰ দুৰ্ঘটনা মংগলবাৰে সংঘটিত হ’ল ধেমাজি জিলাৰ চিলাপথাৰ জলকীয়া সুঁতিৰ ৫১৫ নং ঘাইপথৰ ভঙা দলঙত।

জানিব পৰা মতে, পুৱা ১১-৩০ বজাত পাছিঘাটৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এআৰ ০৯ বি ৬৪৭২ নম্বৰৰ জাইল’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভঙা দলঙৰ ৰেলিঙত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত জাইল’ বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

ঘটনাৰ খবৰ লাভ কৰি চিলাপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ মুঠ আঠ গৰাকী আৰোহীৰ চাৰি গৰাকীক সঙ্কটজনক অৱস্থাত চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।

জাইল’ বাহন খনত থকা ৫ জন যাত্ৰীৰ নাম কায়াং মেডো (২০), তপা সিন্ধু, ৰিম্পি সোণাৰ (২৪), জোৱেল সোণাৰ (১৭), জাহ্নৱী হেমলিন বুলি জানিব পৰা গৈছে।

মৃত ব্যক্তি দ্বয়ক চিনাক্ত কৰিব পৰা নাই। অৰুণাচলৰ নাগৰিক বুলি আৰক্ষীয়ে জানিব দিছে।

লগতে চাওকঃ

২৫ বছৰ বয়সত প্ৰাণ ত্যাগ ভাৰতৰ ‘ৰাজা’ৰ