ভয়ংকৰ দুৰ্ঘটনা! প্ৰতিমা বিসৰ্জনৰ বাবে যােৱাৰ পথত দুৰ্ঘটনাত পতিত মিনি ট্ৰাক…

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰতিমা বিসৰ্জন দিবলৈ যােৱাৰ পথত ওদালগুৰি জিলাৰ কাহিবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰিল মহিন্দ্ৰ চুপ্ৰ’ মিনি ট্ৰাক।

এই দুৰ্ঘটনাত আহত হয় বাহন খনত থকা শিশু-মহিলা সহ ১৬ জন।

জানিব পৰা মতে, ওদালগুৰি চহৰৰ বাপুজি নগৰৰ নিবাসীসকলে বিপদনাশিনী পূজা অৰ্চনা কৰি পৰম্পৰা অনুসৰি প্ৰতিমা বিসৰ্জন দিবলৈ বুলি প্ৰায় পোন্ধৰজনীয়া মহিলা আৰু ছোৱালীৰ দলে গাড়ীত উঠি ভৈৰৱকুণ্ডলৈ গৈ থকা অৱস্থাত কাহিবাৰীত দুৰ্ঘটনাত পতিত হয়।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগতি পৰে বাহনখন।

লগে লগে স্থানীয় লােক উদ্ধাৰ অভিযান চলাই ঘটনাত আহত সকলক প্ৰথমতে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেবাজনাে মহিলাক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।

লগতে চাওকঃ

মৰ্মান্তিক! ঘৰৰ চৌহদতে বজ্ৰাঘাতত কৰুণ মৃত্যু যুৱকৰ…

2 thoughts on “ভয়ংকৰ দুৰ্ঘটনা! প্ৰতিমা বিসৰ্জনৰ বাবে যােৱাৰ পথত দুৰ্ঘটনাত পতিত মিনি ট্ৰাক…”

Comments are closed.