ভয়ংকৰ দুৰ্ঘটনা! ৰে’লে মহটিয়াই নিলে টাটা জেষ্ট বাহন, পিতৃ-মাতৃসহ পুত্ৰৰ থিতাতে মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনাত কঁপাই গ’ল নগাঁও জিলাৰ পুৰণিগুদাম।

ৰে’লৰ ইঞ্জিনে মহটিয়াই নিলে টাটা জেষ্ট বাহন।

এই দুৰ্ঘটনাত নিঃশেষ হ’ল এটা পৰিয়ালৰ ৩ সদস্য।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

পুৰণিগুদামৰ বিষয়াচুকত শিলঘাট অভিমুখী ৰে’লৰ ইঞ্জিনে মহতিয়াই নিয়া টাটা জেষ্ট (AS-02N-4402) গাড়ী খনত আছিল পিতৃ, মাতৃ সন্মান সহ এটা পৰিয়াল।

এই দুৰ্ঘটনাত গাড়ীখনত থকা চন্দ্ৰ কলিতা (জোনটি), পত্নী নীলিমা কলিতা আৰু পুত্ৰ নিলাভ নয়নৰ মৃত্যু হয়।

তেওঁলােক পুৰণিগুদাম তেলীয়া গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

স্থানীয় লােকে প্ৰকাশ কৰা অনুসৰি, উক্ত স্থানত ৰে’ল গেট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই ৰেলৱে ক্ৰচিঙটোত গাঁত খান্দি এইটোৰে আহ-যাহ বন্ধহে কৰি দিছিল।

1 thought on “ভয়ংকৰ দুৰ্ঘটনা! ৰে’লে মহটিয়াই নিলে টাটা জেষ্ট বাহন, পিতৃ-মাতৃসহ পুত্ৰৰ থিতাতে মৃত্যু”

Comments are closed.