
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু যুৱকৰ, মাত্ৰ ২০ দিন পূৰ্বে হেৰুৱাইছিল পিতৃক
March 29, 2022নিউজ ডেস্ক। মাত্ৰ ২০ দিন পূৰ্বে হেৰুৱাইছিল পিতৃক। তাৰ পিছতে এইবাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকে।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কাশ্মীৰৰ ট্ৰালৰ আমিৰাবাদত।

সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ২০ বৰ্ষীয় চাৰিক আহমেদ নাইক।
দুৰ্ঘটনাত গুৰতৰভাৱে আহত নাইকক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।
জানিব পৰা মতে, মাত্ৰ ২০ দিন পূৰ্বে পিতৃক হেৰুৱাইছিল চাৰিকে।
শ্বাস-প্ৰশ্বাসৰ অসুবিধাজনিত কাৰণত মৃত্যু ঘটনা পিতৃৰ শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে যুৱকজনৰ মৃত্যুৱে পৰিয়ালটোলৈ নমাই আনিছে ঘোৰ অমানিশা।
লগতে চাওকঃ
কাণৰ হেডফোনেই কাল হ’ল মেঘনাৰ বাবে, ৰে’লৰ খুন্দাত হেৰুৱালে প্ৰাণ
