ভয়ংকৰ! পথ পাৰ হ’বলৈ লওতেই কোবাল সোতে উটুৱাই লৈ গ’ল স্কৰপিঅ’ বাহন, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ পাহাৰৰ পৰা নামি অহা কোবাল পানীৰ ঢলে নিমিষতে উটুৱাই লৈ গ’ল এখন স্কৰপিঅ’ বাহন। গাৰ নোম শিঁয়ৰি উঠা এই দৃশ্য প্ৰত্যক্ষ হয় অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ দৈমুখ-জিৰ’ পথত।

সামাজিক মাধ্যমতো ইতিমধ্যে ভাইৰেল হৈ পৰিছে লোমহৰ্ষক দৃশ্যৰ এটা ভিডিঅ’।

জানিব পৰা মতে, শুকুৰবাৰে দৈমুখ-জিৰ’ পথৰ চীপুটা নামৰ ঠাইখনত কোবাল সোঁতত উটি যায় স্কৰপিঅ’ বাহনখন।

দৰাচলতে চীপুটাৰ এটা কেঁকুৰিত অহৰহ বৈ থাকে এটা সৰু জুৰিৰ পানী। কিন্তু শুকুৰবাৰে ধাৰাসাৰ বৰষুণৰ ফলত পানীৰ সোঁত অধিক হৈ পৰে।

আনহাতে সেই সময়তে স্কৰপিঅ’ বাহনখনে পথ পাৰ হবলৈ চেষ্টা কৰাত জুৰিৰ পানীৰ ঢলত উটি যায় বাহনখন। যাৰ ফলত এশ ফুট তলত বাগৰি পৰে বাহনখন।

অৱশ্যে এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা চালকজনৰ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশ চৰকাৰৰ শক্তি বিভাগৰ স্কৰপিঅ’ গাড়ীখন ইটানগৰৰ পৰা কামলে জিলালৈ গৈ আছিল।