ভয়াৱহ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ শিশু-মহিলাসহ ৮ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক ভয়াৱহ পথ দুৰ্ঘটনা। ঘাইপথত এখন ৰখাই থােৱা ট্ৰাকৰ পিছফালে ক্ষন্তেক সময়ৰ বাবে ৰখাই থােৱা মাৰুতি আৰ্টিগা বাহনক পিছফালৰ পৰা খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকে।

এই দুৰ্ঘটনাত মৃত্যু ঘটে একেটা পৰিয়ালৰে এটি শিশু, ৩ মহিলাসহ ৮ জনকৈ লােকৰ।

শুক্ৰবাৰে পুৱতি নিশা দিল্লীৰ কাষৰীয়া হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাহাদুৰগড়ৰ কেএমপি এক্সপ্ৰেছৱেত এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, বাদলীৰ ওচৰত ৰখাই থােৱা এখন মাৰুতি আৰ্টিগা বাহনক পিছফালৰ পৰা তীব্ৰ জােৰে খুন্দিয়ায় এখন ট্ৰাকৰ।

whatsapp-image-2021-10-22-at-102211-am-1-1634879235

এই দুৰ্ঘটনাটোত এটি শিশু, ৩ গৰাকী মহিলাসহ মুঠ ৮ জন লোকৰ কৰুণ মৃত্যু হৈছে।

এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হৈছে। গাড়ীখনৰ মুঠ ১১ জন যাত্ৰী আছিল।

মৃত লােকসকল উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ নাগলা অনুপ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

তেওঁলোক সকলো একেটা পৰিয়ালৰে সদস্য আছিল।

whatsapp-image-2021-10-22-at-102211-am-1634878356

জানিব পৰা মতে, তেওঁলােকে ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশৰ স্বগৃহলৈ যাত্ৰা কৰিছিল। সেই সময়তে পুৱতি নিশা ৩.৩੦ মান বজাত গাড়ীখনৰ চালকে প্ৰস্ৰাৱৰ বাবে এখন ৰখাই থােৱা ট্ৰাকৰ পিছফালে গাড়ীখন ৰখায়।

কিন্তু দুৰ্ভাগ্যবশতঃ পিছফালৰ পৰা আন এখন ট্ৰাকে প্ৰচণ্ড জােৰে আৰ্টিগা বাহনখনক খুন্দিয়ায়।

navbharat-times

ফলত সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ পৰে আৰ্টিগাখন। ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

লগতে চাওকঃ

দেশত এতিয়াও পেট্ৰ’ল-ডিজেলৰ দাম বহুত কম, ৯৫ শতাংশই নকৰে ব্যৱহাৰ! দাবী এগৰাকী মন্ত্ৰীৰ

Leave a Comment