ভৰিৰ বিষত ভুগি থকা স্বাস্থ্যকৰ্মীৰ স্বামীক আজব পৰামৰ্শ চিকিৎসকৰ, সামাজিক মাধ্যমত ভাইৰেল প্ৰেচক্ৰিপশ্যন…

নিউজ ডেস্কঃ চিকিৎসকে প্ৰেছক্ৰিপশ্যনত ৰোগীৰ বাবে দৰৱ বা আন পৰামৰ্শ লিখা আপুনি নিশ্চয় দেখিছে। কিন্তু এইবাৰ ৰোগীৰ বাবে নহয়, বৰং ৰোগীৰ স্বামীৰ বাবেহে প্ৰেছক্ৰিপশ্যনত নাভূত নাশ্ৰুত পৰামৰ্শ লিখিলে এজন চিকিৎসকে।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন চিকিৎসকৰ এখন আজৱ প্ৰেছক্ৰিপশ্যন।

প্ৰেছক্ৰিপশ্যনখন ভাইৰেল হৈ পৰাৰ পিছতে স্বাস্থ্য বিভাগে নিলম্বন কৰিছে অভিযুক্ত চিকিৎসকজনক। সমান্তৰালভাৱে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

দৰাচলতে এই ঘটনা সংঘটিত হৈছে কেৰালাৰ থ্ৰিছুৰত। জিলাখনৰ দয়া হাস্পতালৰ ভেছকুলাৰ চাৰ্জাৰী বিভাগৰ পৰামৰ্শদাতা ডাঃ ৰয় ভাৰ্গেজক ইতিমধ্যে কৰা হৈছে নিলম্বন।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ভৰিৰ বিষয় আক্ৰান্ত হৈ থকা বদকেককাড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী প্ৰিয়াক লগত লৈ চিকিৎসাৰ বাবে দয়া হাস্পতাললৈ গৈছিল স্বামী অনিল কুমাৰ।

প্ৰথমে প্ৰিয়াৰ ভৰিৰ এক্স-ৰে কৰিবলৈ পৰামৰ্শ দিয়ে হাস্পতালখনৰ চিকিৎসকে। আধা ঘণ্টা মানৰ পিছত দম্পতীহালে এক্স-ৰে সম্পন্ন কৰি পুনৰ চিকিৎসকৰ ওচৰলৈ যায়।

ভেছকুলাৰ চাৰ্জাৰী বিভাগৰ পৰামৰ্শদাতা ডাঃ ৰয় ভাৰ্গেজক প্ৰিয়া আৰু তেওঁৰ স্বামী অনিল কুমাৰে ৰোগৰ বিষয়ে কোৱাত প্ৰথমে দুয়োকে ভেকাহি মাৰি উঠে চিকিৎসকজনে। তাৰ পিছতে প্ৰেছক্ৰিপশ্যনত কিবা কিবি লিখি দুয়োকে যাবলৈ দিয়ে।

দুয়ো পতি-পত্নীয়ে চিকিৎসকে দিয়া প্ৰেছক্ৰিপশ্যন খন লৈ ফাৰ্মাচীলৈ যোৱাত প্ৰেছক্ৰিপশ্যনখন পঢ়ি সকলোৱে হাঁহিবলৈ আৰম্ভ কৰে। আৰু তাৰ পিছতহে ওলাই পৰে ওৰহি গছৰ ওৰ।

কিয়নো ডাঃ ৰয় ভাৰ্গেজে লিখা প্ৰেছক্ৰিপশ্যনখনত নাছিল কোনো ঔষধৰ নাম। তাৰ বিপৰীতে চিকিৎসকজনে লিখিছিল- জিৰণিৰ প্ৰয়োজন নাই, দৌৰিলেই বিষ ভাল হৈ যাব।

আনহাতে একেখন প্ৰেছক্ৰিপশ্যনতে প্ৰিয়াৰ স্বামী অনিল কুমাৰক উদ্দেশ্যি চিকিৎসকজনে লিখিছিল- পত্নীৰ ভৰিৰ বিষে যদি আমনি কৰিছে, তেন্তে ‘বাৰ’লৈ গৈ দুপেগ (সুৰা) পান কৰক।

চিকিৎসকজনৰ এনে অদ্ভূত প্ৰেছক্ৰিপশ্যনখন সন্দৰ্ভত থ্ৰিছুৰ আৰক্ষীত এজাহাৰ দাখিল কৰে অনিল কুমাৰে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্বাস্থ্য বিভাগে নিলম্বন কৰিছে অভিযুক্ত চিকিৎসকজনক।

লগতে চাওকঃ

ডায়েৰী… তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লোঃ ডায়েৰীৰ পৃষ্ঠাত সময়ক ধৰি ৰাখিব বিচৰা তেজস্বিতা গুচি গ’ল এনেকৈয়ে…