ভৱিষ্যতৰ প্ৰযুক্তি ! মাজ সাগৰত উৰন্ত সৈনিকৰ অনুশীলনৰ ভিডিঅ’ক লৈ বিশ্বজুৰি চাঞ্চল্য

নিউজ ডেস্ক। বিশ্বজুৰি সলনি হৈছে যুদ্ধৰ কৌশল। অপৰম্পৰাগত পদ্ধৰিৰে যুদ্ধ জয় কৰিবলৈ ন ন প্ৰযুক্তি উদ্ভাৱনত নামি পৰিছে বিশ্বৰ আগশাৰীৰ বহু দেশ।

শেহতীয়াকৈ সামুদ্ৰিক অভিযানত উৰন্ত সৈনিকৰ অনুশীলন এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’ত জেট চ্যুট নিৰ্মাতা প্ৰতিষ্ঠান গ্ৰেভিটি ইণ্ডাষ্ট্ৰীয়ে ইংলেণ্ডৰ সামৰিক বাহিনী ৰয়েল মেৰিনৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে পৰীক্ষা কৰিলে অত্যাধুনিক জেট চ্যুটৰ।

এই জেট চ্যুটৰ সহায়ত তেওঁলোকে কেনেকৈ সামুদ্ৰিক অভিযান চলাব পাৰিব, সেই সন্দৰ্ভত সম্পন্ন কৰে এক পৰীক্ষা। এনে পৰীক্ষণৰ এক দৃশ্য গ্ৰহণ কৰে ৰয়েল মেৰিন আৰু গ্ৰেভিটি ইণ্ডাষ্ট্ৰীয়ে।

দৃশ্যটোত দেখা অনুসৰি, ইংলেণ্ডৰ দক্ষিণ উপকূলত ৰয়েল মেৰিনৰ এজন সেনাই জেট চ্যুট পৰিধান কৰি সেনাৰ নাঁৱৰ ওপৰেৰে উৰে আৰু HMS Tamar জাহাজত অৱতৰণ কৰে।

এখন দ্ৰুতবেগী জাহাজৰ কাষেৰে সৰু সৰু দ্ৰুতবেগী নাওঁ চলি গৈছে। আৰু তাৰ ওপৰেৰে জেট চ্যুট পৰিহিত সেনাজন উৰি গৈছে। তেওঁ হাতত এডাল হাকোটাও লৈ আছে। যাৰ ফলত হঠাতে যাতে কোনোৱে আক্ৰমণ চলালে যিকোনো গহ্বৰ বা জখলাত তেওঁ বগাব পাৰে।

এই জেট চ্যুটৰ অবিহনে বিকল্প ব্যৱস্থা হিচাপে সেনাই এনে সাগৰীয় অভিযানত ব্যৱহাৰ কৰিব লাগিব হেলিকপ্টাৰ অথবা উন্নত ৰছীৰ দ্বাৰা কৰা অভিযান।

এই দুয়োটা ব্যৱস্থাই অতি লেহেমীয়া আৰু ইয়াক শত্ৰু পক্ষই সহজতে ক্ষতিসাধন কৰিব পাৰিব। কিন্তু জেট চ্যুটৰ ব্যৱহাৰ এই সমূহতকৈ যথেষ্ট পৰিমাণে লাভজনক আৰু নিৰাপদ।

উল্লেখ্য যে পূৰ্বতেও ইংলেণ্ডৰ পেৰামেডিকেল বাহিনীয়ে এই জেট চ্যুটৰ এক অনুশীলন চলাইছিল এক দুৰ্গম হ্ৰদত। যত বিপদজনক ঠাইত ই কেনেদৰে অভিযান চলাব পাৰিব, সেই বিষয়ে অনুশীলন চলোৱা হৈছিল।

দুৰ্গম ঠাইত গৈ যিকোনো উদ্ধাৰ অভিযান চলাবলৈ গাড়ী অথবা খোজকাঢ়ি পাবলৈ যিমান সময় লাগিব, তাতকৈ কম সময়ত অভিযান চলাব পাৰিব এই জেট চ্যুট ব্যৱহাৰৰ দ্বাৰা।

Leave a Comment