মংগলবাৰে ৬.৪৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৩ জনৰ মৃত্যু

নিউজ ডেস্ক। অসম চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ ৰােধৰ বাবে লােৱা কেতবােৰ পদক্ষেপৰ ইতিবাচক ফলাফল যেন ক্ৰমাৎ প্ৰকাশ পাইছে।

ইয়াৰ ফলতে মংগলবাৰে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ বিগত সপ্তাহৰ পৰা মংগলবাৰ পৰ্যন্ত সৰ্বনিম্ন স্তৰলৈ নামিছে।

মংগলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ৬.৪৭ শতাংশ।

তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত ৯੦,২৫১ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ মাজতে ৫,৮৩৫ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

উল্লেখ্য যে সােমবাৰে এই হাৰ আছিল ৬.৯৯ শতাংশ। ৰবিবাৰে এই হাৰ আছিল ৮.৫১ শতাংশ।

দিনটােত ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত ৭৩ জনৰ মৃত্যু হয় বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰে।

ইপিনে, গুৱাহাটী মেট্ৰ’ জিলাত সংক্ৰমিত লােকৰ সংখ্যা ৯২১ লৈ নামিছে। বিগত কিছুদিন ধৰি প্ৰতিদিনে গুৱাহাটী মেট্ৰ’ত সংক্ৰমিত লােকৰ সংখ্যা ১ হাজাৰ অতিক্ৰম কৰিছিল।

দিনটােত ৪,৩১১ জন ক’ভিড-১৯ পজিটিভ ৰােগী সুস্থ হৈ উঠাত তেওঁলােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

মৃতকৰ ভিতৰত ১৬ জনেই গুৱাহাটী মেট্ৰ’ জিলাৰ।

ইয়াৰ উপৰি কামৰূপ জিলাত ৭, কাছাৰ-ডিব্ৰুগড়ত ৬ জনকৈ, হােজাই-শােণিতপুৰত ৫ জনকৈ, বৰপেটাত ৪, দৰং-নগাঁৱত ৩ জনকৈ, বাক্সা-বঙাইগাঁও-গােলাঘাট-হাইলাকান্দি, লখিমপুৰ, ওদালগুৰি জিলাত ২ জনকৈ আৰু বিশ্বনাথ-গােৱালপাৰা-যােৰহাট-কাৰ্বি আংলং-মৰিগাঁও-তিনিচুকীয়া জিলাত ১ জনকৈ লােকৰ ক’ভিডৰ সংক্ৰমণত মৃত্যু হয়।

উল্লেখ্য ৰাজ্যত সম্প্ৰতি মুঠ সক্ৰিয় ক’ভিড-১৯ ৰােগীৰ সংখ্যা ৪৬,৩৯৩ জনলৈ বৃদ্ধি পাইছে।

লগতে চাওকঃ

কােকৰাঝাৰঃ ক’ভিড-১৯ত পজিটিভ মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে সুস্থ সন্তান

তিনিচুকীয়াঃ ক’ভিড-১৯ক পৰাস্ত কৰি ঘৰলৈ উভতিল ৯১ বছৰীয়া আইতা

Leave a Comment