
মধুচন্দ্ৰিকা যাপনৰ বাবে গৈ ঘৰলৈ ঘূৰি নাহিল ৰোহিত-মানসী! যোৱাৰ পথতে ঘটিল এই অঘটন…
August 20, 2022নিউজ ডেস্কঃ বিয়াৰ ৩ মাহ পিছত হিমাচল প্ৰদেশৰ কুল্লু মানালীয়ৈ মধুচন্দ্ৰিকা যাপন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল এহাল নৱ বিবাহিত দম্পতী। মানালী পাবলৈ আৰু মাত্ৰ ১১ কিলোমিটাৰ পথ বাকী থকা অৱস্থাত ১৭ মাইলত বৃহস্পতিবাৰে নিশা ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু ঘটে দম্পতীহালৰ।
এই ঘটনাই শোকৰ বন্যা নমাইছে সমগ্ৰ উত্তৰ প্ৰদেশত।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ললিতপুৰৰ তালবেহাটৰ কাকদাৰীৰ নিৱাসী ৰোহিত কৌশিক আৰু মানসী নামৰ দম্পতীহালে তেওঁলোকৰ মধুচন্দ্ৰিকা যাপনৰ ববে মানালীলৈ গৈ থকা সময়তে পাটলী কুহলৰ কুল্লু মনালী ৰাষ্ট্ৰীয় ঘাইপথৰ ১৭ মাইলত তেওঁলোকৰ থাৰ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা এখন নিয়ন্ত্ৰণহীন ট্ৰাকে।

এই দুৰ্ঘটনাৰ ফলত ৰোহিত আৰু মানসীৰ ঘটনাস্থলীতে মৃত্যু ঘটে। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জানিব পৰা মতে, অখিল ভাৰতীয় ব্ৰাহ্মণ মহাসভাৰ ললিতপুৰ যুৱ মৰ্চাৰ মন্ত্ৰী আছিল ২৩ বৰ্ষীয় ৰোহিত কৌশিক। মাত্ৰ ৩ মাহ পূৰ্বে বিনাৰৰ নিৱাসী মানসী (২২)ৰ সৈতে বিবাহ সম্পন্ন হয় ৰোহিতৰ। তাৰ পিছতে পতি-পত্নী দুয়োজনে প্ৰথমবাৰলৈ ফুৰিবলৈ গৈছিল মানালীলৈ।

মানালীত দম্পতীহালৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে ৰোহিত আৰু মানসীৰ পৰিয়াল। এই খবৰে মৰ্মাহত কৰিছে সমগ্ৰ গাঁওবাসীকো।
জানিব পৰা মতে, শুকুৰবাৰে ৰোহিতৰ পৰিয়াল মানালীত উপস্থিত দুয়োজনৰ মৃতদেহ স্বগৃহলৈ ওভতাই আনে আৰু নিজ গাঁৱতে পতি-পত্নী দুয়োজনৰ শেষকৃত্য একেলগে সম্পন্ন কৰে।
[…] […]
[…] […]
[…] […]