মন্দিৰৰ পৰা হনুমানৰ গদা চুৰি কৰি অনুশোচনাত দগ্ধ চোৰ! ওভতাই দিবলৈ আহি পৰিল বিপদত…

মন্দিৰৰ পৰা হনুমানৰ গদা চুৰি কৰি অনুশোচনাত দগ্ধ চোৰ! ওভতাই দিবলৈ আহি পৰিল বিপদত…

October 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ হনুমান মন্দিৰৰ পৰা ৰামভক্ত হনুমাৰৰ অস্ত্ৰ এটা ৰূপৰ গদা চোৰ কৰি ওভতাই দিবলৈ আহিহে বিপদত পৰিল এটা চোৰ।

মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।

দৰাচলতে যোৱা ৮ অক্টোবৰত নাগপুৰৰ কানহানত অৱস্থিত এটা প্ৰাচীন হনুমান মন্দিৰৰ পৰা এটা ৰূপৰ গদা চুৰি কৰি নিছিল এটা গভাইত চোৰে।

কিন্তু গদাটো চুৰি কৰি নিয়াৰ পিছত অনুশোচনাত দগ্ধ হৈ পৰা চোৰটোৱে পুনৰ গদাটো মন্দিৰত ওভতাই দি থৈ যায়।

সেই সময়ত চোৰে ৰামভক্ত হনুমানৰ মূৰ্তিৰ সন্মুখত আঁঠু লৈ চুৰি কাৰ্যৰ বাবে ক্ষমাও বিচাৰে।

ইফালে গদাটো মন্দিৰত ঘূৰাই দিবলৈ অহাৰ সময়ত চোৰৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।

ইতিমধ্যেই মন্দিৰৰ পুৰোহিতে গদাটো চুৰি হোৱা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত চোৰৰ সন্ধান চলাই থকা আৰক্ষীয়ে এই চিচিটিভি কেমেৰাৰ দৃশ্যৰ জৰিয়তেই অৱশেষত চিনাক্ত কৰিবলৈ সক্ষম হয় চোৰটোক।

তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সন্দীপ লাকন নামৰ চোৰটোক।

সন্দীপ লাকনে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা মতে, তেওঁ গদাটো চুৰি কৰি নিয়াৰ পিছতে তীব্ৰ অশান্তিত ভুগিছিল। লগে অনুতপ্ত অনুভৱ কৰি তেওঁ গদাটো ওভতাই দিয়াৰ সিদ্ধান্ত লৈছিল।