মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা পথৰ দাঁতিত আৰক্ষী বিষয়াই উদ্ধাৰ কৰা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে পত্নীয়ে…

মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা পথৰ দাঁতিত আৰক্ষী বিষয়াই উদ্ধাৰ কৰা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে পত্নীয়ে…

December 24, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন?

কোৱা হয়, মাতৃৰ স্নেহ আন কাৰো সৈতে তুলনা নহয়। কিন্তু পৃথিৱীত এনে বহু মাতৃও আছে, যাৰ অন্তৰত নাথাকে মমতা।

তেনে পাষাণ অন্তৰৰ এগৰাকী মাতৃয়েই পথৰ দাঁতিত পেলাই গৈছিল এটি মৰমলগা নৱজাতক কন্যা শিশুক।

কিন্তু আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰাৰ পিছত মমতাৰ উমেৰে মেৰিয়াই এটা নতুন জীৱন দিলে এগৰাকী আৰক্ষী বিষয়াৰ পত্নীয়ে।

জাৰ আৰু ভোকে-পিয়াহে আতুৰ দেৱশিশুটিক বুকুৰ গাখীৰ খুৱাই আজি সৰ্বত্ৰে প্ৰশংসিত হৈছে এগৰাকী মমতাময়ী আৰক্ষী বিষয়াৰ পত্নী।

এই ঘটনা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ২০ ডিচেম্বৰত নলেজ পাৰ্ক অঞ্চলৰ জোপোহাৰ মাজত এটি শিশুটিৰ কান্দোন শুনি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সদ্যজাত শিশুটিক উদ্ধাৰ কৰি থানালৈ লৈ আনে।

কিন্তু ভোক আৰু জাৰত আতুৰ হৈ পৰা শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

সেই সময়ত থানাত উপস্থিত থকা এছএইছঅ’ৰ পত্নী জ্যোতি সিঙে শিশুটিক বুকুৰ গাখীৰ দিয়াত শিশুটি সুস্থ হৈ উঠে।

ইফালে নৱজাতক শিশুটিৰ পিতৃ-মাতৃৰ সন্ধান বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সমান্তৰালভাৱে জ্যোতি সিঙে দেখুওৱা মহানুভৱতাই এতিয়া হৃদয় জিনিছে সকলোৰে।