
মহনগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক DIGP (Admn) হিচাপে বদলি…
February 23, 2023নিউজ ডেস্কঃ ৰদবদল কৰা হৈছে অসম আৰক্ষীত।
অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে নিযুক্তি প্ৰদান পাৰ্থ সাৰথি মহন্তক।
পূৰ্বে গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে কৰ্তব্যৰত আছিল মহন্ত।
কিন্তু সেই দায়িত্বৰ পৰা অব্যাহতি দি উপ-মহাপৰিদৰ্শ (প্ৰশাসন) হিচাপে নিযুক্ত দিয়া হৈছে পাৰ্থ সাৰথি মহন্তক।
এক বিবৃতি জাৰি কৰি এই তথ্য সদৰী কৰিছে অসম চৰকাৰে।
ইয়াৰ পূৰ্বে মহন্তক দৰমহা আৰু ভাট্টা আহৰণৰ উদ্দেশ্যে উপ আৰক্ষী মহাপৰিদৰ্শক (সশস্ত্ৰ আৰক্ষী) হিচাপে নিযুক্তি দিয়া হৈছিল।