মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, মৃত্যু

মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, মৃত্যু

October 19, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা।

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত হঠাতে ঢলি পৰি কৰুণ মৃত্যু এগৰাকী মেধাৱী ছাত্ৰীৰ।

নাৰেংগীৰ বিদ্যা মন্দিৰ ইংলিছ মিডিয়াম আইস্কুলত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, পুৱাৰ প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰে তৃষা আৰ কলিতা নামৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী।

মৃত ছাত্ৰীগৰাকীঘৰ মহানগৰীৰ গীতা মন্দিৰত বুলি জানিব পৰ গৈছে।

বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ মাজতে হঠাতে ঢলি পৰা ছাত্ৰীগৰাকীক লগে লগে সমীপৱৰ্তী ইজী হাস্পতাললৈ নিয়া হয় যদিও শিশুৰ আইচিইউ নথকাৰ বাবে প্ৰতীক্ষা হাস্পতাললৈ নিয়া হয়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰতীক্ষা হাস্পতালত উপস্থিত হােৱাৰ পিছতে ছাত্ৰীগৰাকীৰ মৃত বুলি ঘােষণা কৰে চিকিৎসকে।

এই ঘটনাই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

ইপিনে, মৃত ছাত্ৰীগৰাকীৰ আত্মীয়ই সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য উদঘাটনৰ বাবে তদন্তৰ আহ্বান জনাইছে প্ৰশাসনক।

উল্লেখ্য যে কিছুদিন পূৰ্বেও মহানগৰীৰ ছাত্ৰীবাৰী স্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুৰূপ ধৰণে এগৰাকী ছাত্ৰীয়ে মৃত্যুবৰণ কৰিছিল।