নিউজ ডেস্কঃ বৈধব্য কেৱল এটা শব্দই নহয়, বৈধব্য হৈছে এক অভিশাপ।
এযোৰ উকা সাজৰ আঁৰত ঢাকি ৰখা অব্যক্ত অলেখ বিষাদৰ নামেই হৈছে বৈধব্য। যি কথা উপলব্ধি সকলোৱে কৰিব নোৱাৰে।
এনে বৈধব্য যন্ত্ৰণাতে দগ্ধ এগৰাকী মহিলাক নতুন জীৱন দি সমাজৰ মাজলৈ উলিয়াই লৈ আহিবলৈ সক্ষম হ’ল দৰঙৰ এজন যুৱকে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2023/01/Untitled-1.jpg?resize=900%2C712&ssl=1)
সমাজে হেয় দৃষ্টিৰে চোৱা এগৰাকী বিধৱাকে জীৱন সংগীৰূপে বাচি লৈ যুৱকজনে সম্পন্ন কৰিলে বিবাহ।
পশ্চিম দৰঙৰ ঐতিহাসিক নাৰিকলি মন্দিৰত বৃহস্পতিবাৰে হোমৰ জুইক সাক্ষী কৰি বিধৱা মহিলাগৰাকীক পত্নীৰ মৰ্যাদা প্ৰদান কৰে বিজু ফুকন শৰ্মা নামৰ যুৱকজনে।
যুৱকজনৰ এনে ইতিবাচক সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে দৰঙৰ লগতে সমগ্ৰ ৰাজ্যত।
দুয়োৰে যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰি বিজু ফুকন শৰ্মাৰ পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।
লগতে চাওকঃ
![](https://i0.wp.com/informerne.com/wp-content/uploads/2023/01/bipin-k.jpg?resize=889%2C458&ssl=1)