মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ সন্তান!

মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ সন্তান!

October 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক আচৰিত ঘটনা।

এগৰাকী ২৭ বছৰীয়া মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ টি সন্তান।

এই ঘটনা হাইদৰাবাদৰ মেহদিপতনামৰ মিনা চিকিৎসালয়ৰ।

মহিলা গৰাকীয়ে ১.৩ কিলো ওজনৰ এটি পুত্ৰ সন্তান আৰু ১.৫ কিলো ওজনৰ তিনিটি কন্যা সন্তানৰ জন্ম দিয়ে।

মহিলা গৰাকীক অস্ত্ৰোপচাৰ কৰা চিকিৎসকসকলৰ এজন ডাঃ চোহেবা শুকুৰে কয়, “মহিলাগৰাকীৰ ৰক্তচাপ নিয়ন্ত্ৰণ ত আছিল। গৰ্ভধাৰণৰ ৩৪ সপ্তাহত থকা মহিলাগৰাকীয়ে দুমাহ ধৰি ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰি আছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ প্ৰসৱ কৰোৱা হয়। তেওঁ যথেষ্ট তেজ হেৰুৱালে। বৰ্তমান তেওঁ আৰু সকলো সন্তান সুৰক্ষিত।”

পৰিয়ালে জনোৱা অনুসৰি, উচ্চ ৰক্তচাপৰ স্তৰৰ বাবে মহিলাগৰাকীক জৰুৰীকালীন চি-চেক্সনৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু সন্ধিয়া ৫ বজাত কেঁচুৱা প্ৰসৱ কৰা হৈছিল।