নিউজ ডেস্ক। ৰাজ্যত শেহতীয়াকৈ ৰাষ্ট্ৰবিৰােধী জেহাদী শক্তিবােৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে।
এই অভিযানত ধাৰাবাহিকভাৱে আৰক্ষীৰ জালত পৰিছে ইটােৰ পিছত সিটাে সন্দেহজনক জেহাদী।
শেহতীয়াকৈ বঙাইগাঁও জিলাৰ যােগীঘােপাত শিক্ষকতা কৰা মুফতি হাফিজুৰ ৰহমান নামৰ লােকক জেহাদী সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এইবাৰ এই মাদ্ৰাছাত চলােৱা হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/G3-4.jpg?resize=889%2C458&ssl=1)
যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও কাৰিয়ানা মাদ্ৰাছাখন উচ্ছেদ প্ৰশাসনৰ।
জানিব পৰা মতে, দুৰ্যােগ প্ৰশমন আইনৰ অধীনত এই মাদ্ৰাছাখন বিপজ্জনক অৱস্থাত থকা বুলি জাননি জাৰি কৰা হৈছিল।
বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে উচ্ছেদ চলোৱা হয় মাদ্ৰাছাখনত।
এই উচ্ছেদ অভিযানৰ পূৰ্বে মাদ্ৰাছাখনত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মােতায়ন কৰা হয়।
উল্লেখ্য যে ইতিমধ্যে উক্ত মাদ্ৰাছাখনৰ অধিকাংশ ছাত্রই নিজ নিজ ঘৰলৈ উভতি গৈছে।
৮ খন এক্সেভেটৰৰ জৰিয়তে এই উচ্ছেদ অভিযান চলােৱা হয়।
লগতে চাওকঃ
কিশোৰীক যৌন নির্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল আবকাৰী অধীক্ষক প্রীতম বৰুৱা…
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/G5-8.jpg?resize=889%2C458&ssl=1)