মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীলৈ আহিল জেকুলিন…

মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীলৈ আহিল জেকুলিন…

August 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ শক্তিপীঠ মা কামাখ্যা ধামত আশীষ ল’বলৈ বুধবাৰে অসমত উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ।

নিজৰ জন্মদিন উপলক্ষ্যে মা কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে।

ইফালে প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱা অভিনেত্ৰীগৰাকীক চাবলৈ মা কামাখ্যা ধামত বৃহস্পতিবাৰে ভিৰ কৰে তেওঁৰ অগণন অনুৰাগীয়ে।

উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত উপস্থিত হোৱা জেকুলিনে নিশাটো গুৱাহাটীতে কটাই বৃহস্পতিবাৰে পুৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মা কামাখ্যা ধাম দৰ্শন কৰাৰ লগতে পূজা আগবঢ়ায়।

ইয়াৰ পিছতে বিয়লি তেওঁ পুনৰ গুৱাহাটীৰ পৰা বিমানযোগে মুম্বাইলৈ উভতি যায়।