মিজোৰামৰ যুৱ বিধায়ক এণ্ড্ৰিউ এইচ থাংলিয়ানাৰ মৃত্যু

নিউজ ডেস্ক। মিজোৰামৰ বিধায়ক এণ্ড্ৰিউ এইচ থাংলিয়ানাৰ মৃত্যু।

মঙলবাৰে আইজলৰ এখন চিকিৎসালয়ত মৃত্যু হয় জোৰাম নেচনেলিষ্ট মভমেণ্ট দলৰ বিধায়ক গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ।

এবেনেজাৰ চিকিৎসা কেন্দ্ৰৰ পৰিচালনা সঞ্চালক ডাঃ ভানলালচিয়ামাই জনোৱা অনুসৰি টুইৰিয়াল সমষ্টিৰ বিধায়কজনৰ যকৃত বিকল হোৱা আৰু হৃদ ৰোগত আক্ৰান্ত হোৱাকে ধৰি কেইবাটাও জটিলতাৰ ফলত মৃত্যু হয়।

বিধায়কজনক ৫ আগষ্টত মিজোৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ১২ আগষ্টত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক ইণ্টেন্সিভ কেয়াৰ ইউনিটলৈ (আইচিইউ) স্থানান্তৰ কৰা হৈছিল।

১৬ আগষ্টৰ পৰা তেওঁৰ অৱস্থা অধিক অৱনতি ঘটিছিল। কিয়নো তেওঁৰ হৃদৰোগ হৈছিল। যাৰ ফলত ভেণ্টিলেটৰৰ সহায়ত থকাৰ সময়ত তেওঁৰ ৰক্তচাপ হ্ৰাস পাইছিল। থাংলিয়ানাৰ পুৱা প্ৰায় ৬.৩৫ বজাত মৃত্যু হয়।

পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি থাংলিয়ানাক ২১ জুলাইত আইজলৰ চৰকাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত চিটি-স্কেনৰ ফলাফলত তেওঁৰ যকৃতত এটা পিণ্ড দেখা গৈছিল।

তেওঁলোকে কয় যে ১২ আগষ্টত তেওঁক চিকিৎসকৰ তত্বাৱধানত থাকিবলৈ এবেনেজাৰ চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল। যিসকল চিকিৎসকে অতীতৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থা চোৱাচিতা কৰিছিল।

Leave a Comment