মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত…

নিউজ ডেস্ক। অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত।

নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ অভিযোগত দেওবাৰে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পী নীলিম মহন্তক মঙলবাৰে হাজিৰ কৰোৱা হয় ইটানগৰৰ এখন স্থানীয় আদালতত।

ইফালে একে অভিযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মানৱাধিকাৰ কৰ্মী তথা অধিবক্তা ইবো মিলিকো মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয়। য’ত আদালতে দুয়োজনৰে জামিন মঞ্জুৰ কৰে।

আদালতে জামিন মঞ্জুৰ কৰাৰ পিছতে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে চিত্ৰশিল্পী নীলিম মহন্ত। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ৫০ বৰ্ষপূতিৰ দেৱালত চৰকাৰে অংকন কৰোৱাইছিল নদীবান্ধৰ সমৰ্থনত এখন চিত্ৰ।

এই চিত্ৰখনৰ তলত শিল্পী নীলিম মহন্তই ‘ন’ ম’ৰ ডেম’ বুলি লিখাৰ অভিযোগত দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে নীলিম মহন্তৰ গ্ৰেপ্তাৰ পিছতে লখিমপুৰৰ লগতে সমগ্ৰ অসমত তীব্ৰ প্ৰতিবাদ জনাইছিল বিভিন্ন দল-সংগঠনে।

Leave a Comment