মুখ্যমন্ত্ৰীৰ বিশেষ টুইটৰ পিছতে মুকলি আকাশৰ তললৈ ‘মহাদেৱ’ বিৰিঞ্চি বৰা…

শিৱ-পাৰ্বতীৰ বেশ ধাৰণ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰ নাটেৰে প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক মুকলি।

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আজি মুকলি কৰি দিয়া হৈছে বিৰিঞ্চি বৰাক।

শনিবাৰে নগাঁও চহৰৰ ৰাজপথত বিৰিঞ্চি বৰা আৰু তেওঁৰ এগৰাকী সহশিল্পীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱ-পাৰ্বতীৰ বেশ ধাৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইয়াৰ পিছতে বিভিন্ন দল-সংগঠনে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ তুলি বিৰিঞ্চি বৰাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।

উক্ত এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে বিৰিঞ্চি বৰাক গ্ৰেপ্তাৰ কৰিছিল।

এই গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো জানিব পাৰি বিৰিঞ্চি বৰাক এৰি দিবলৈ নগাঁও আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল।

নগাঁৱত শিৱ-পাৰ্বতীৰ বাটৰ নাট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট কৰি লিখিছিল যে, সাম্প্ৰতিক বিষয়ক লৈ বাটৰ নাট কৰাটো দোষণীয় নহয়। আপত্তিজনক কথা নকলে সাজ পোচাক পৰিধান কৰাটো অপৰাধ নহয়, যদিহে তাত অপৰাধমূলক কথা উল্লেখিত নহয়।

উল্লেখ্য যে, এক পুত্ৰ সন্তানৰ পিতৃ বিৰিঞ্চি বৰা গনিত বিষয়ত স্নাতক ৷

চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি বিৰিঞ্চিয়ে বৰঘাটত এখন ধাবা খুলি ব্যৱসায় কৰি আহিছে ৷

নিশা লকআপত থকাৰ পিছত দেওঁবাৰে বিয়লি নগাঁও সদৰ থানাৰ পৰা বিৰিঞ্চি বৰাক জামিনত মুক্তি দিয়া হয় ৷ ৰুজু হোৱা গোচৰ নং ৮০২/২০২২ নম্বৰৰ বিপৰিতে জামিন লাভ কৰিছে।

লগতে চাওকঃ

‘কাৰণ মোৰ চকু সৰু…’ নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে ক’লে চকু সৰু হােৱাৰ লাভ কি? সামাজিক মাধ্যমত হৈ পৰিল চৰ্চিত…