
মুখ্যমন্ত্ৰীৰ মানহানিৰ গােচৰ, অহা ২৯ ছেপ্টেম্বৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ কামৰূপ চিজেএম আদালতৰ
August 23, 2022নিউজ ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক চমন জাৰি কৰিছে কামৰুপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ফৌজদাৰী মানহানিৰ গোচৰ সন্দৰ্ভত ছিছ’ডিয়ালৈ চমন জাৰি কৰি ২৯ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে চিজেএম আদালতে।
উল্লেখ্য যে, ২০২০ চনত অসম চৰকাৰে শৰ্মাৰ পৰিয়ালৰ সদস্যৰ অন্তৰ্গত ফাৰ্মসমূহক উচ্চ হাৰত পিপিই কিট যোগান ধৰাৰ ঠিকা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আপ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে।
আনহাতে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাইও মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ দেৱানী মানহানিৰ গোচৰ দাখিল কৰিছিল।
প্ৰণিধানযোগ্য যে, যোৱা ৪ জুনত আপৰ নেতা আৰু দিল্লীৰ মন্ত্ৰীগৰাকীয়ে এক সংবাদমেলত কোভিড-১৯ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত অসম চৰকাৰে শৰ্মাৰ পত্নীৰ ফাৰ্ম আৰু পুত্ৰৰ ব্যৱসায়িক অংশীদাৰক বজাৰৰ হাৰৰ ওপৰত পিপিই কিট যোগান ধৰিবলৈ ঠিকা দিয়াৰ অভিযোগ তুলিছিল। এই সন্দৰ্ভত তেওঁৰ হাতত তথ্য-প্ৰমাণ থকা বুলিও দাবী কৰিছিল মনীষ ছিছ’ডিয়াই।