মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলে ৩ লাখ টকা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলে ৩ লাখ টকা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

May 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমত ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৰ সৈতে মােকাবিলা কৰিবলৈ অব্যাহত আছে ছিটা প্ৰদানৰ কাৰ্যসূচী।

ইয়াৰ লগতে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰি ক’ভিড ৰােগীসকলক পৰ্যাপ্ত চিকিৎসা সুবিধা প্ৰদানৰ বাবেও পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে খৰচ কৰিছে বৃহৎ পূঁজি। লগতে ৰাজ্যবাসীকাে এই ক্ষেত্ৰত আৰ্থিক বৰঙনি প্ৰদানৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ এনে আহ্বানৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাইছে বহু ব্যক্তি, দল-সংগঠনৰ লগতে বিধায়ক-মন্ত্ৰীয়েও।

ইপিনে, শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই এই সাহায্য পূঁজিলৈ ৩ লাখ টকাৰ বৰঙনি আগবঢ়ায়।

এই তথ্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

মূলতঃ ৰাজ্যবাসীৰ বাবে ক’ভিডৰ প্ৰতিষেধক ক্ৰয়ৰ বাবেই এই ধনৰাশি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

নিজৰ টেকেলিৰ সাঁচতীয়া ধন ক’ভিড টাস্ক ফ’ৰ্চক দান দিলে শিশুৱে