মুখ্যমন্ত্ৰীৰ জেড্ প্লাছ নিৰাপত্তা দেশজুৰি সম্প্ৰসাৰিত কেন্দ্ৰীয় গৃহ দপ্তৰৰ

মুখ্যমন্ত্ৰীৰ জেড্ প্লাছ নিৰাপত্তা দেশজুৰি সম্প্ৰসাৰিত কেন্দ্ৰীয় গৃহ দপ্তৰৰ

October 14, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ দপ্তৰৰ।

এতিয়াৰে পৰা দেশজুৰি ‘জেড্ প্লাছ’ (Z+) শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে।

১৩ অক্টােবৰত কেন্দ্ৰীয় গৃহ দপ্তৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে।

উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগতে হিমন্ত বিশ্ব শৰ্মাক এতিয়াৰে পৰা সমগ্ৰ দেশতে CRPF বাহিনীৰ জেড্ প্লাছ নিৰাপত্তা বেষ্টনী প্ৰদান কৰা হ’ব।

উল্লেখ্য যে কিছুদিন পূৰ্বে তেলাংগানাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যােৱা অসমৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বেহু ভেদ কৰি এজন লােকে তেওঁৰ পৰা মাইক কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল।

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ পুনৰ চিন্তা চৰ্চা কৰে কেন্দ্ৰীয় গৃহ দপ্তৰে।

ইয়াৰ পিছতে বৃহস্পতিবাৰে হিমন্ত বিশ্ব শৰ্মাক দেশজুৰি জেড্ প্লাছ নিৰাপত্তা প্ৰদানৰ ঘােষণা কৰে।

এই সংক্ৰান্তত সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষী প্ৰশাসনৰ লগতে চিআৰপিএফৰ মুৰব্বীলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ দপ্তৰে।