মূল্যবৃদ্ধিৰ প্ৰতিবাদ! সংসদলৈ চাইকেল চলাই গ’ল ৰাহুল গান্ধী

নিউজ ডেস্ক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আহিছে।

এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ নেতাজনে চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ।

সেই অনুসৰি মঙলবাৰে তেওঁ চাইকেল চলাই গল সংসদলৈ।

ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিৰোধী সাংসদসকলৰ সৈতে তেওঁ সংসদলৈ চাইকেল চলাই যায়। বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ সেই ৰেলীৰ নেতৃত্ব দিছিল কংগ্ৰেছ নেতাজনে।

উল্লেখ্য যে মংগলবাৰে পুৱা দিল্লীৰ কনষ্টিটিউচন ক্লাবত চাইকেল দেখা পোৱা গৈছিল। য’ত ৰাহুল গান্ধীয়ে ৰাতিপুৱা বিৰোধী দলসমূহৰ ১৭ জনীয়া এটা সাংসদৰ দলৰ সৈতে এখন বৈঠকত অংশ লৈছিল।

সেই বৈঠকত ঐক্যবদ্ধ বিৰোধীৰ বিষয়টোৰ ওপৰত আলোচনা কৰা হৈছিল। আৰু সেই বৈঠকৰ পৰা ওলায়েই বিৰোধী সাংসদৰ দলটোৱে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদলৈ চাইকেল ৰেলী বাহিৰ কৰে।

যোৱা সপ্তাহৰ সোমবাৰেও ৰাহুল গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকলে কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত সংসদলৈ ট্ৰেক্টৰ ৰেলীৰ নেতৃত্ব দিছিল। য’ত ৰণদীপ সিং সুৰজেৱালা আৰু দীপেন্দৰ সিং হুডাকে ধৰি ছয়জন কংগ্ৰেছ নেতাক দিল্লী আৰক্ষীয়ে আটক কৰিছিল।

ট্ৰেক্টৰ ৰেলীত ৰাহুল গান্ধীয়ে কৈছিল-“মই কৃষকসকলৰ বাৰ্তা সংসদলৈ লৈ আহিছো। চৰকাৰে কৃষকসকলৰ কণ্ঠস্বৰ দমন কৰি আছে আৰু ইয়াক সংসদত আলোচনা হ’বলৈ নিদিয়ে। তেওঁলোকে এই ক’লা আইনবোৰ বাতিল কৰিব লাগিব। সমগ্ৰ দেশে জানে যে এই আইনবোৰে কেৱল ২-৩ জন ডাঙৰ ব্যৱসায়ীকহে সহায় কৰে।”

Leave a Comment