মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…

নিউজ ডেস্কঃ মৃত্যুৱেই শেষ নহয়! মৃত্যুৰ মাজত আন বহু শিশুৰ মাজত জীয়াই থাকিব এটি ১৬ মহীয়া কণমানি। পৰিয়ালে শিশুটিৰ অংগ আন শিশুক দান কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, যোৱা ১৭ আগষ্টত ঘৰত খেলি থাকোতেই হঠাৎ পিচলি পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ঋষান্ত নামৰ দিল্লীৰ ১৬ মহীয়া শিশুটিয়ে। লগে লগে শিশুটিক পিতৃ-মাতৃয়ে যমুনা পাৰ্কৰ সমীপৰ এখন ব্যক্তিগত হাস্পাতললৈ লৈ যায় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে পিছত এইমছ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

এইমছত চিকিৎসাধীন হৈ থকা অৱস্থাতে ২৪ আগষ্টত মৃত্যু ঘটে কণমানি ঋষান্তৰ। যাৰ ফলত কান্দোনত ভাগি পৰে পিতৃ-মাতৃসহ পৰিয়াল।

৫ ভাতৃ-ভগ্নীৰ ভিতৰত কনিষ্ঠ ঋষান্তৰ মৃত্যুত মৰ্মাহত হৈ পৰে পিতৃ উপিন্দৰ। কিন্তু তেওঁ ঋষান্তক আন শিশুৰ মাজত জীয়াই থকাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ১৬ মহীয়া ঋষান্তৰ অংগদান কৰিব বিচাৰে পিতৃ-মাতৃয়ে।

পিতৃ-মাতৃৰ এই সিদ্ধান্তৰ পিছতে এইমছতে চিকিৎসাধীন হৈ থকা এটি ৫ বছৰীয়া শিশুৰ দেহত সংৰোপন কৰা হয় ঋষান্তৰ বৃক্ক। একেদৰে মেক্স হাস্পতালত ভৰ্তি হৈ থকা এটি ৬ মহীয়া শিশুক দান কৰা হয় ঋষান্তৰ যকৃত।

ঋষান্তৰ শৰীৰৰ হৃদপিণ্ড আৰু অন্যান্য অংগসমূহ এইমছ বেংকত মজুত কৰি ৰখা হৈছে। প্ৰয়োজনত অন্য শিশুৰ দেহত সেই অংগ সংৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে এইমছৰ চিকিৎসকে।

নিজক কনিষ্ঠ সন্তানক মৃত্যুৰ পিছতো এনেদৰে জীয়াই ৰখাৰ বাবে পিতৃ-মাতৃয়ে গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো। ঋষান্তৰ পিতৃ-মাতৃৰ এই মহৎ কাৰ্যৰ প্ৰশংসা কৰিছে সকলোৱে।

1 thought on “মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…”

Comments are closed.