মেট্ৰ’ ৰে’লত ৰীল ভিডিঅ’ বনাই বিপদত যুৱতী, ৰুজু হ’ল গােচৰ…

নিউজ ডেস্কঃ মেট্ৰ’ ৰে’লৰ ভিতৰত ৰীল ভিডিঅ’ বনাই বিপদত পৰিল এগৰাকী যুৱতী।

সামাজিক মাধ্যমত যুৱতীগৰাকীয়ে ৰে’লৰ ভিতৰত আৰু প্লেটফৰ্মত নাচি থকা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সন্ধানত নামি পৰিছে মেট্ৰ’ ৰেল কৰ্তৃপক্ষ।

এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদ মেট্ৰ’ ষ্টেছনত।

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে যুৱতীগৰাকীৰ নাচি থকা ভিডিঅ’ পোষ্ট কৰি হায়দৰাবাদ মেট্ৰ’ ৰে’ল লিমিটেড (এইচএমআৰএল)ক টেগ কৰাৰ পিছতে যুৱতীগৰাকাৰীৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰা হৈছে।

মেট্ৰ’ ৰেলৰ ভিতৰত আৰু প্লেটফৰ্মত ৰীল ভিডিঅ’ বনোৱা যুৱতীগৰাকীক অৱশ্যে এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোনা নাই।

কিন্তু শীঘ্ৰেই ভাইৰেল ভিডিঅ’ৰ জৰিয়তে তেওঁক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মেট্ৰ’ ৰে’লৰ এগৰাকী বিষয়াই।

এইছএমআৰএলৰ জনসংযোগ বিষয়া কৃষ্ণনন্দ মল্লাদীয়ে জানিবলৈ দিয়া মতে, টুইটাৰত উত্থাপিত অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয় যে ৰে’লত বা প্লেটফৰ্মত ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফীৰ অনুমতি নাই। যাৰ বাবে যুৱতীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বিষয়াগৰাকীয়ে কয়, “এয়া সঁচা যে অনেকেই প্লেটফৰ্ম বা মেট্ৰ’ ৰেলৰ ভিতৰত ভিডিঅ’ প্ৰস্তুত কৰে। কিন্তু ধৰা পৰিলে ই অপৰাধ। ৰে’লত বা প্লেটফৰ্মত নৃত্যৰ দৰে অভিনয়ৰো অনুমতি দিয়া হোৱা নাই।’’ সেয়েহে যুৱতীগৰাকী ধৰা পৰিলে তেওঁক জৰিমণা বা তাতকৈও গুৰু শাস্তি বিহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, এইছএমআৰএলৰ নিয়ম অনুসৰি প্লেটফৰ্মৰ ভিতৰত ফটোগ্ৰাফী নিষিদ্ধ।

ছবি, টেলিভিছন শ্ব’, বিজ্ঞাপন আৰু তথ্যচিত্ৰৰ শ্বুটিঙৰ বাবে বিশেষ অনুমতি আৰু মাচুল আদায় দিবলগীয়া হয়।

মেট্ৰ’ ৰে’লৱে আইনত ফটোগ্ৰাফী বা ভিডিঅ’গ্ৰাফীৰ কোনো উল্লেখ নাই যদিও মেট্ৰ’ ৰে’লৱেত মদ্যপান কৰা বা উপদ্ৰৱ কৰাৰ বাবে ৫০০ টকাৰ জৰিমনাকে ধৰি আন বিভিন্ন অপৰাধৰ ক্ষেত্ৰত আইনৰ ৫৯নং ধাৰা অনুসৰি শাস্তি বিহা হয়।

ইফালে সামাজিক মাধ্যমত যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে চাওকঃ

সুখকৰ নহ’ল প্ৰমােদ ভ্ৰমণ! চাকৰিৰ পৰা নিলম্বিত হ’ল অসমৰ এইখন জিলাৰ DTO…

ই-ৰিক্সা চলাই স্বাৱলম্বী হৈছে এগৰাকী কৰ্মোদ্যমী মহিলা, আনৰ বাবেও স্থাপন কৰিছে নিদৰ্শন