ময়ো পকৰি বিক্ৰী কৰিছিলো, যথেষ্ট লাভ হয়! কাক চাহ-পকৰি, ফুচকা বিক্ৰী কৰিবলৈ পৰামৰ্শ দিলে ৰূপজ্যোতি কুৰ্মীয়ে

নিউজ ডেস্কঃ ৰাজ্যত ভুৱা এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। চৰকাৰ আৰু আৰক্ষীয়ে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি এনকাউণ্টাৰৰ নাম দি নিৰীহৰ হত্যাযজ্ঞ চলাইছে বুলি অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। বিগত সময়ছোৱাত বহু কেইজন অভিযুক্ত-অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়ত গুলীবিদ্ধ হৈ ঘূণীয়া বা মৃত্যুমুখত পৰা বুলি সদৰী কৰি আহিছে আৰক্ষী-প্ৰশাসনে।

এনে সময়তে অসম আৰক্ষীৰ এনকাউণ্টাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে এনকাউণ্টাৰৰ ভয়তে এতিয়া অসমত বহু অপৰাধ হ্ৰাস পাইছে। আৰক্ষীৰ গুলী খোৱাতকৈ অপৰাধীয়ে চাহ-তামোল, পকৰি, ফুচকাৰ দোকান দিয়াই ভাল বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

তেওঁ নিজেও সৰু থাকোতে নামঘৰৰ সন্মুখত পকৰি আৰু পাপৰ বিক্ৰী কৰিছিল বুলি মন্তব্য কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে আৰক্ষীৰ গুলী খোৱাতকৈ এনে কাম কৰিব লাগে। চাহ-পকৰি বিক্ৰী কৰিলে যথেষ্ট লাভ আছে বুলিও মন্তব্য কৰি ৰূপজ্যোতি কুৰ্মীয়ে।