মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই

মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই

May 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক অনাকাংক্ষিত দুঃখবৰ খবৰ।

ক’ভিড-১৯ত পুনৰ প্ৰাণ হেৰুৱালে অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে।

বিশিষ্ট কন্ঠশিল্পী ভিতালী দাস আৰু ডঃ বিজয়লক্ষ্মী দাসৰ পাছত এইবাৰ ক’ভিড-১৯ত প্ৰাণ গ’ল জনপ্ৰিয় কন্ঠশিল্পী পাৰবীন পৰীৰ।

উল্লেখ্য যে ক’ভিড-১৯ত ভুগি থকা গায়িকা গৰাকীয়ে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল।

গায়িকা গৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল ক’ভিডত। দুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল গায়িকা গৰাকীৰ পিতৃৰ।

পাৰবীন পৰীৰ আকস্মিক মৃত্যুত গভীৰ শােকৰ ছাঁ পৰিছে অসমৰ সাংস্কৃতিক জগতত।