মৰ্মান্তিক! আকাশমাৰ্গত খোল নাখালে পেৰাচুট, প্ৰশিক্ষণৰ সময়তে শ্বহীদ হ’ল সেনা জোৱান সুৰজপাল

মৰ্মান্তিক! আকাশমাৰ্গত খোল নাখালে পেৰাচুট, প্ৰশিক্ষণৰ সময়তে শ্বহীদ হ’ল সেনা জোৱান সুৰজপাল

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আকৌ আকাশ মাৰ্গত পেৰাচুট খোল নোখোৱাৰ বাবেই প্ৰশিক্ষণৰ সময়ত শ্বহীদ হ’বলগীয়া হ’ল এগৰাকী সেনা জোৱান। শনিবাৰে লেহত সেনাৰ প্ৰশিক্ষণৰ সময়ত পেৰাচুট খোল নোখোৱাৰ বাবেই মাটিত পৰি প্ৰাণ হেৰুৱায় সুৰজপাল পচৌৰী নামৰ ৩০ বৰ্ষীয় ভাৰতীয় সেনা জোৱান গৰাকীয়ে।

জানিব পৰা মতে, শ্বহীদ সুৰজপাল পচৌৰীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত। জোৱানগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰে পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী।

উল্লেখ্য যে, ভাৰতীয় সেনা বাহিনীত কমাণ্ডো হিচাপে কৰ্মৰত সুৰজপালে লেহত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। শনিবাৰে পেৰাচুট প্ৰশিক্ষণৰ সময়ত তেওঁ বিমানৰ পৰা জঁপিয়াই যদিও দুৰ্ভাগ্যবশতঃ তেওঁৰ পেৰাচুটটো আৱদ্ধ হৈ পৰে।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া জোৱানজনৰ নশ্বৰ দেহ স্বগৃহলৈ অনা হব। তাত অঞ্চলাবাসী তথা সেনা বাহিনীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব জোৱানজনৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে লাডাখৰ পেৰা কমাণ্ডো প্ৰশিক্ষণৰ সময়ত পেৰাছুট খোল নোখোৱাৰ বাবেই শ্বহীদ হ’বলগীয়া হৈছিল হাথৰছৰ আন এগৰাকী জোৱান হৰবীৰ সিং। শ্বহীদ জোৱানজনৰ ঘৰ আছিল হাথৰছৰ সদাবাদত।