মৰ্মান্তিক! কণমানি ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

মৰ্মান্তিক! কণমানি ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

September 3, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এবছৰীয়া ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল একেটা পৰিয়ালৰ তিনি সদস্যৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ গেৰেকীত।

জানিব পৰা মতে, অসুস্থ এবছৰীয়া ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ উভতিছিল চতিয়াৰ পুৰণি চেণ্টাৰৰ নিৱাসী এটা পৰিয়াল।

তেওঁলোকে এএছ ০৬ জে ১৮০৯ নম্বৰৰ আই-২০ বাহনেৰে ঘৰলৈ আহি থকা সময়তে চতিয়াৰ গেৰেকীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে সন্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত বৰ-জনা তচবিৰ ৰহমান (৩৫), ভাই বোৱাৰী বিউতি খাতুন (৩০) আৰু এবছৰীয়া ভতিজা জায়েবৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তচবিৰ ৰহমানৰ পত্নী তবছুম খাতুন। আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে এএছ ২২ চি ১৬৬৮ নম্বৰৰ মালবাহী ট্ৰাকখনৰ চালকজনে।

এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।