মৰ্মান্তিক! ক’ভিডে নিঃশেষ কৰি পেলালে এখন ঘৰ, নিঠৰুৱা হ’ল পিতৃ-মাতৃ

মৰ্মান্তিক! ক’ভিডে নিঃশেষ কৰি পেলালে এখন ঘৰ, নিঠৰুৱা হ’ল পিতৃ-মাতৃ

May 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। একমাত্ৰ পুত্ৰৰ জীৱন ক’ভিডে কাঢ়ি নিয়াৰ পিছদিনাই অনন্তলৈ যাত্ৰা জীয়ৰীৰাে।

চৰম শোকত ভাগি পৰিল বৃদ্ধ পিতৃ-মাতৃ। সান্ত্বনা দিবলৈও যেন ভাষা নাই কাৰো মুখত। চৰম দুৰ্যােগৰ সন্মুখীন হ’ল শিক্ষক-শিক্ষয়িত্ৰী দম্পতীহাল।

জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পিছদিনাই ভগ্নীৰাে মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সকলাে আত্মীয়-শুভাকাংক্ষীক। সেমেকাই তুলিছে এই শােকাৱহ খবৰ পােৱা প্ৰতিজনৰে চকু।

এই দুৰ্ভগীয়া পৰিয়ালটিৰ ঘৰ লখিমপুৰ নগৰৰ সমীপৰ বাহাদুৰচুকত।

অৱসৰপ্ৰাপ্ত শিক্ষক হেমচন্দ্ৰ দত্ত আৰু শিক্ষয়িত্ৰী বিজু দত্তৰ পুত্ৰ কুকিল দত্ত (২৫)ৰ বুধবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল।

ইয়াৰ পিছত ক’ভিড-১৯ত আক্ৰান্ত তেওঁলোকৰ কন্যা পূবালী দত্ত (২১)ক বৃহস্পতিবাৰে বিয়লি দুই বজাত গুৱাহাটীৰ GNRC হাস্পতালত ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে পূবালীৰ মৃত্যু হয়।

জানিব পৰা মতে, কুকিল দত্তৰ ছদিনৰ পূৰ্বে ক’ভিড নিগেটিভ ওলাইছিল।

মেধাসম্পন্ন পূবালী দত্ত দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ নাৰ্ছিঙৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী আছিল।

জ্যেষ্ঠ ভাতৃ কুকিলে দুমাহ পূর্বে লখিমপুৰ জিলাৰ বিদেশী ন্যায়াধিকৰণত কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল।

ফেচবুক প’ষ্টত পিতৃ হেমচন্দ্ৰ দত্তই লিখিছে ”মোৰ একমাত্ৰ পুত্ৰ শ্ৰী কুকিল দত্ত আৰু একমাত্ৰ জী শ্ৰী পূবালী দত্তৰ যোৱা ২৬ আৰু ২৭ মে’ত মহামাৰী কভিদৰ বাবে AMCH আৰু GNRC ত পৰলোক প্ৰাপ্তি হয়। এই দুৰ্যোগৰ সময়ত আমাক যিকোনো প্ৰকাৰে খবৰ কৰি শক্তি দিয়া সকলো লোকক অন্তৰৰ পৰা ধন্যবাদ জনালোঁ।”

লগতে চাওকঃ

বিবাহ চলি থাকোতেই মৃত্যু হ‘ল কইনাৰ, খুলশালীৰ লগত বিবাহ সম্পন্ন হ‘ল দৰাৰ

Sanitizer নে Body Lotion! চাওক সামাজিক মাধ্যমত ভাইৰেল হােৱা এটা বিশেষ ভিডিঅ’